বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ চলিত পৰ্যটন বৰ্ষত সম্পূৰ্ণৰূপে পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পিছত আজি উদ্যান কৰ্তৃপক্ষই সদৰী কৰিছে এক বিশেষ তথ্য।পৰ্যটকে সৰ্বাধিক পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান দখল কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। বিগত বৰ্ষৰ তুলনাত ২৫ শতাংশ অধিক বিদেশী পৰ্যটকে এইবাৰ দৰ্শন কৰিলে কাজিৰঙা। উল্লেখ্যে যে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক পৰ্যটকে দৰ্শন কৰা ৰাষ্ট্ৰীয় উদ্যানৰ শীৰ্ষত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।মন কৰিবলগীয়া যে, যোৱা ৩০ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ কৰা হৈছিল হাতী চাফাৰী। তাৰ পিছত ১৯ মে’ ৰ পৰা সমাপ্ত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ।উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ পৰ্যটন বৰ্ষত মুঠ ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে পৰিদৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰায় ১১ কোটি বুলি সদৰী কৰিছে সঞ্চালক ড০ সোণালী ঘোষে।
