কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে চকাত চলা দক্ষতা প্ৰদান কৰা বাছ “কৌশল ৰথ” মুকলি কৰে। ইয়াৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ‘বিক্ষিত ভাৰত’ নিৰ্মাণৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ সম্ভাৱনা বিকশাই তোলা। এই বিশেষ ভ্ৰাম্যমাণ বাছবোৰ সমগ্ৰ ওড়িশাৰ উচ্চাকাংক্ষী প্ৰাৰ্থীসকলক দক্ষতা প্ৰশিক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। অত্যাধুনিক সঁজুলি, সুবিধা আৰু প্ৰমাণিত প্ৰশিক্ষকৰ সৈতে সজ্জিত এই বাছসমূহে ডিজিটেল সাক্ষৰতা, বিত্তীয় সাক্ষৰতা, ৰিটেইল(খুচুৰা) আৰু উদ্যমিতা সম্বন্ধীয় দক্ষতা আদিকে ধৰি পাঠ্যক্ৰমৰ মডিউলসমূহৰ মাজেৰে প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব।
কৌশল ৰাথে ওড়িশাৰ একাধিক জিলা সামৰি যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগ প্ৰদান কৰি এক অনন্য সংযোগ গঢ়ি তুলিব। এই পদক্ষেপ চৰকাৰৰ স্কিল ইণ্ডিয়া মিছনৰ অংশ, যাৰ লক্ষ্য হৈছে দক্ষতা বিকাশৰ পৰিৱৰ্তনশীল প্ৰভাৱ আনকি দেশৰ দূৰৱৰ্তী কোণলৈও প্ৰসাৰিত কৰা আৰু ফলপ্ৰসূভাৱে দক্ষতাৰ ব্যৱধান হ্ৰাস কৰা। ই শিক্ষাৰ্থীসকলৰ বাবে দক্ষতা প্ৰশিক্ষণৰ সৰ্বাংগীন প্ৰৱেশ বা সুবিধা প্ৰদান কৰে, যাতে ব্যৱহাৰিক আৰু হাতে-কামে কৰা প্ৰশিক্ষণ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে পদক্ষেপ দ্ৰুতগতিত পৰিৱৰ্তিত কাৰিকৰী দৃশ্যপটৰ সঘনে বিকশিত চাহিদাৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিল ৰাখে।
শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “কৌশল ৰথ পদক্ষেপৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলত বাস কৰা লোকসকল, বিশেষকৈ মহিলা আৰু শিশুসকলক ডিজিটেল সাক্ষৰতা আৰু নতুন যুগৰ প্ৰযুক্তিৰ ক্ষেত্ৰত সজাগ-সাক্ষৰ কৰা, যাতে এইসকল লোকো ডিজিটেল যুগৰ বাবে সুসজ্জিত বা প্ৰস্তুত হোৱাটো নিশ্চিত কৰা হয় ৷”