বিজনোৰৰ কৌশল মহোৎসৱে লৈ আহিছে আশাৰ বতৰা, ২০,০০০ লোকে পাব নিয়োগৰ সুবিধা

100

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ অহা ২৪ ছেপ্টেম্বৰত বিজনোৰত কৌশল মহোৎসৱ আয়োজন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, এই মহোৎসৱত ইলেক্ট্ৰনিকছ, অটোমোটিভ, তথ্যপ্ৰযুক্তি, হস্পিটেলিটী আৰু খাদ্য সংসাধনকে ধৰি বিভিন্ন খণ্ডৰ ৫০টাতকৈও অধিক কোম্পানীয়ে মেগা নিয়োগ অভিযানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে ১৩,০০০ প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰা এই কৌশল মহোৎসৱে ২০ হাজাৰৰো অধিক লোকক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)ৰ সহযোগত আয়োজিত মহোৎসৱৰ জৰিয়তে দক্ষ স্থানীয় যুৱক-যুৱতী আৰু উদ্যোগ নিয়োগকৰ্তাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্য লোৱা হৈছে। নয়ডা, হৰিদ্বাৰ, গুৰগাঁওকে ধৰি বিজনোৰৰ সমীপৰ কোম্পানীসমূহে অংশ ল’ব, সফল প্ৰাৰ্থীসকলক থলীতে অফাৰ পত্ৰও প্ৰদান কৰা হ’ব।

 গুৱাহাটীকে ধৰি সমগ্ৰ উঃ-পূৰ্বাঞ্চলত এনে মহোৎসৱে ইতিবাচক বাৰ্তা কঢ়িয়াব, কিয়নো অসমতো ভৱিষ্যতে এনে পদক্ষেপৰ সূচনা হ’লে স্থানীয় পৰ্যায়ত নিয়োগৰ বজাৰ সম্প্ৰসাৰিত হ’ব, বিশেষকৈ বিত্তীয় সেৱা আৰু তথ্য প্ৰযুক্তি খণ্ডত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব। ইতিমধ্যে বৰ্ধিত ঔদ্যোগিক সংযোগৰ জৰিয়তে গুৱাহাটীয়েও নিযুক্তি কেন্দ্ৰ হিচাপে খোপতি পুতিছে, যি আন অঞ্চলৰ বাবে অনুপ্ৰেৰণা হ’ব পাৰে।