আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। তুলসী তলৰ চাকিগছি আৰু আকাশ বন্তিৰে উদ্ভাসিত হ’ব সমগ্ৰ অসম। শস্যৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিব প্ৰতিজন অসমীয়াই।অসমীয়াৰ জাতীয় উৎসৱ বিহু পালন কৰিবলৈ সাজু অসমবাসী। এই সময়চোৱাত কৃষক ৰাইজৰ ভঁৰাল উদং হৈ থাকে। আপোন পথাৰখনত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে চহা কৃষকে। এই দিনটোতে সন্ধিয়া পৰত শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল কামনা কৰি তুলসী তলত বন্তি জ্বলোৱা পৰম্পৰা আছে। কঙালীৰ আকাশ বন্তিৰ পোহৰেৰে উজলি উঠিব সমগ্ৰ অসম।
