জম্মু-কাশ্মীৰত বন্ধ কৰি দিয়া হ’ল ৪৮ টা পৰ্যটনস্থলী। পহলগাম ঘটনাৰ পাছত পুনৰ উপত্যকাটোত সক্ৰিয় হৈ পৰিছে শ্লিপাৰ চেল। যাৰ পাছত চৰকাৰে পৰ্যটনস্থলী বন্ধ কৰাৰ সিদ্ধান্ত লয়।পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত চৰকাৰে বন্ধ কৰি দিলে জম্মু-কাশ্মীৰৰ কেইবাটাও পৰ্যটনস্থলী।চৰকাৰে বন্ধ কৰা স্থানসমূহ হ’ল- ইউছমাৰ্গ, টৌছিমেদান, দুথপাথ্ৰি, আহৰবাল, কৌছাৰনাগ, বাংগাছ, কৰিৱান ডাইভাৰ চাণ্ডিগাম,বাংগাছ উপত্যকা, ৱুলাৰ/ৱাটলাব, ৰামপোৰা আৰু ৰাজপোৰা, চেয়াৰহাৰ, মুণ্ডিজ-হামাম-মাৰ্কুট জলপ্ৰপাত, খাম্পু, বছনিয়া, বিজিটোপ, সূৰ্য্য মন্দিৰ, ভেৰিনাগ বাগিচা, চিনথান টপ, মাৰ্গানটপ, আকাদ পাৰ্ক, হাব্বা খাটুন পইণ্ট, বাবাৰেশী, ৰিংগাৱলী, গোগালদাৰা, বাদেৰকোটে, শ্ৰুঞ্জ জলপ্ৰপাত, কামনপোষ্ট, নাম্বলান জলপ্ৰপাত, ইকো পাৰ্ক খাদনিয়াৰ।
লগতে আছে- সাংগৰৱানী, জামিয়া মছজিদ, বদামৱাৰী, ৰাজোৰী কাদল হোটেল কানাজ, আলি কাদল জে জে ফুড ৰেষ্টুৰেণ্ট, আইভৰি হোটেল, পদশাপাল ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্ট, চেৰী ট্ৰি ৰিজৰ্ট (ফকিৰ গুজৰি),নৰ্থ ক্লিফ কেফে এণ্ড ৰেষ্টুৰেন্ট (ষ্টে পেটাৰ্ণৰ ওচৰত),ফৰেষ্ট হিল কটেজ,আস্তানমাৰ্গ ভিউ পইণ্ট, আস্তানমাৰ্গ পেৰাগ্লাইডিং, মামনেথ আৰু মহাদেৱ পাহাৰ, বৌদ্ধ মঠ, ডাচিগাম – বিয়ণ্ড ট্ৰাউট ফাৰ্ম / ফিচাৰিজ ফাৰ্ম, আস্তানপোৰা (বিশেষকৈ কায়াম গাহ ৰিজৰ্ট, লাচপাত্ৰী, হাং পাৰ্ক আৰু নৰনাগ)। অৱশ্যে এই ঠাইসমূহ পুনৰ কেতিয়া খুলি দিয়া হয় এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।
