পেহলগাম আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীক চিনাক্ত, কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা উভতি আহিছিল কাশ্মীৰলৈ ।পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত দুটা সন্ত্ৰাসবাদী আছিল কাশ্মীৰৰ স্থানীয় বাসিন্দা । বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য । এই আক্ৰমণৰ তদন্তৰ দায়িত্ব এনআইএই লোৱাৰ সম্ভাৱনা আছে । এটা আক্ৰমণকাৰীক স্থানীয় অভাৰগ্ৰাউণ্ড কৰ্মী আদিল বুলি চিনাক্ত কৰা হৈছে । আন এটা স্থানীয় আক্ৰমণকাৰীকো চিনাক্ত কৰা হৈছে যদিও কেন্দ্ৰীয় সংস্থাসমূহে স্থানীয় আৰক্ষীৰ সহায়ত আৰু কিছু স্পষ্টতা লাভ কৰাৰ চেষ্টা কৰিছে বুলি সূত্ৰটোৱে লগতে কয় ।সূত্ৰটোৱে জনোৱা মতে “উদ্যানত উপস্থিত হোৱাৰ পিছত সন্ত্ৰাসবাদীয়ে প্ৰথমে বন্দুকৰ গুলী ফুটাই পৰ্যটকক পণবন্দী কৰি ৰাখিছিল আৰু তাৰ পিছত সকলো মহিলা আৰু শিশুক আঁতৰি যাবলৈ কয় । পৰিচয়ৰ বিষয়ে সোধা-পোছা কৰি ওচৰৰ পৰা গুলীচালনা কৰে পৰ্যটকৰ ওপৰত ।
