বহু বিতৰ্ক আৰু বিৰোধিতাৰ পিছত পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ, চমুকৈ এছ আই আৰ সম্পূৰ্ণ কৰি মঙলবাৰে নির্বাচন আয়োগে জাৰি কৰিছে খচৰা ভোটাৰ তালিকা। পশ্চিমবংগত এছ আই আৰৰ জৰিয়তে ৫৮,২০,৮৯৮ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। পশ্চিমবংগত ২০২৬ত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত কৰা হৈছে বিহাৰৰ দৰে এছ আই আৰ। কেৱল পশ্চিমবংগই নহয়, বাৰখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত প্ৰদেশত এছ আই আৰ চলি আছে। অসমত এছ আই আৰৰ পৰিৱৰ্তে এছ আৰ চলি আছে। পশ্চিমবংগত এছ আই কৰাৰ সময়ত কেইবাগৰাকী বি এল অ’ৰ মৃত্যুৰ পিছত বিতৰ্কৰ সৃষ্টি হয়।
মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এছ আই আৰৰ বিৰুদ্ধে ৰাজপথত নামি আন্দোলন আৰম্ভ কৰে। তাৰ পিছতো নির্বাচন আয়োগে এছ আই আৰ সম্পূৰ্ণ কৰি খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। এই তালিকাৰ পৰা ৫৮.২০ লাখ ভোটাৰ বাদ পৰিছে। ইয়াৰে ২৪,১৬,৮৫২জন মৃত ভোটাৰ আৰু ১৯,৮৮,০৭৬জন ভোটাৰ স্থায়ীৰূপে অন্য স্থানত থাকিবলৈ লৈছে। ইয়াৰ উপৰি ১০,২০,০৩৮জন ভোটাৰ সম্ভেদ বিচাৰি পোৱা হোৱা নাই আৰু ১,৩৮,৩২৮জন ভোটাৰক ভুৱা বুলি চিহ্নিত কৰা হৈছে। লগতে ৫৭,৬০৪জনক অন্যান্য কাৰণত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। যিসকলৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকে ফর্ম-৬ পূৰণ কৰি নথি-পত্ৰৰ সৈতে দাবী উত্থাপন কৰিব পাৰিব।
খচৰা ভোটাৰ তালিকা প্রকাশৰ পিছতে পশ্চিমবংগত ঘৰে ঘৰে গৈ তথ্য সংগ্রহ কার্য সম্পূর্ণ হৈছে। এতিয়া দাবী-আপত্তি আৰু শুনানি প্রক্রিয়া আৰম্ভ হ’ব। উল্লেখ্য যে বিহাৰত প্ৰথম পৰ্যায়ৰ এছ আই আৰ আৰম্ভ হৈছিল। ইয়াৰ পিছত দ্বিতীয় পর্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত প্রদেশত এছ আই আৰ আৰম্ভ কৰে নিৰ্বাচন আয়োগে, যি ২০২৬ৰ ফেব্ৰুৱাৰীলৈ চলিব। ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব।
