ৰিচাৰ্চ বিকন প্ৰকাশনৰ দ্বাৰা সদ্য প্ৰকাশিত লণ্ডন হৰাইজন মেগাজিনৰ তৃতীয় প্ৰকাশনৰ নৱেম্বৰ খণ্ডত অসমৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ দিলীপ কুমাৰ গোস্বামীৰ কৰ্মৰাজি প্ৰকাশ পাইছে । উল্লেখযোগ্য যে , ডাক্তৰ গোস্বামী গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক আৰু উৰিষ্যাৰ কটকস্থিত শ্ৰী শ্ৰী কলেজ অৱ আয়ুৰ্বেদিক চাইন্স এণ্ড ৰিছাৰ্চ হস্পিতালৰ প্ৰাক্তন অধ্যাপক।
বৰ্ত্তমান তেওঁ মেঘালয়স্থিত আই এ আয়ুৰ্বেদিক মেডিকেল কলেজৰ অগদতন্ত্ৰ বিভাগৰ অধ্যাপক আৰু বিভাগীয় মূৰব্বী ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে । ডাক্তৰ গোস্বামী নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ স্বৰ্গীয় যজ্ঞনাথ গোস্বামী আৰু জয়ন্তী প্ৰিয়া গোস্বামীৰ চতুৰ্থ পুত্ৰ আৰু বৰ্ত্তমান গুৱাহাটীৰ দুই নম্বৰ ৱাৰ্ডৰ সুন্দৰবড়ী গাৱঁৰ স্থায়ী বাসিন্দা।
পেছাত শিক্ষক তথা চিকিৎসক ডাক্তৰ গোস্বামীয়ে প্ৰায় এশৰো অধিক বিভিন্ন বিষয়ক লিখনি আৰু দেশ -বিদেশত আয়ুৰ্বেদ বিষয়ক বক্তৃতা প্ৰদানেৰে আয়ুৰ্বেদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। বৰ্ত্তমানলৈ বিভিন্ন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰপৰা প্ৰদান কৰা প্ৰায় বাইশটা পুৰষ্কাৰেৰে অলঙ্কৃত ডাক্তৰ গোস্বামী এগৰাকী কৃতি শিক্ষক, চিকিৎসক আৰু গৱেষক।
