বজালীত ‘কাৰ্গিল বিজয় দিৱস’ত ৰনজিৎ কুমাৰ দাস

225

১৯৯৯ চনৰ মে’ মাহৰ পৰা যুঁজ দি ৫২৭ জন জোৱানৰ বলিদানৰ ফলস্বৰূপে ভাৰতীয় সেনাই ২৬ জুলাইত কাৰ্গিল দখল কৰিবলৈ সক্ষম হৈছিল ৷ সেই ঐতিহাসিক বিজয়ৰ উপলক্ষে ২৬ জুলাইৰ দিনটো ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয় ৷

দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ বজালী জিলা সমিতিয়ে বজালীৰ সাদেৰীত আয়োজন কৰা ‘কাৰ্গিল বিজয় দিৱস’ অনুষ্ঠানত উপস্থিত থাকি বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰা ভাৰতীয় সেনাৰ বীৰ যোদ্ধাসকললৈ শ্ৰদ্ধা যাচে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগ,সাধাৰণ প্ৰশাসন তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।

জনতা যুৱ মৰ্চা বজালী জিলা সমিতিৰ সভাপতি চম্পক কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত মন্ত্ৰী দাসৰ লগত কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ নায়ক ভদ্ৰেশ্বৰ ৰয়ৰ সহধৰ্মিনী হিৰণ কুমাৰী ৰয় আৰু শ্বহীদ নায়ক অজিত ঠাকুৰীয়াৰ সহধৰ্মিনী অঞ্জলী ঠাকুৰীয়াও উপস্থিত থাকে ৷