কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ আন এক প্ৰশংসনীয় পদক্ষেপ। উচ্চতৰ মাধ্যমিকত উৰ্ত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ পিছত এইবাৰ চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত লৈছে গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসে।
এইবাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত আৰু ক’ভিড যোদ্ধাৰ প্ৰকৃত সেনানী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে পৰিবহন বিষয়া গৌতম দাসে। লক্ষ্যনীয় যে, ব্যস্ততাপূৰ্ন জীৱনৰ বাবে বহু চিকিৎসকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো এই পৰ্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ।সেয়েহে অহা ১১ আগষ্টৰ পৰা এইসকল আগশাৰীৰ যোদ্ধাক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে কামৰূপ জিলা পৰিবহন বিভাগে হাতত লৈছে এই ইতিবাচক পদক্ষেপ।অহা ১১ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।
ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে পৰিবহন বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ তদুপৰি, চিকিৎসক সকলৰ সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ।পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ লগত জড়িত আন আন চিকিৎসা কৰ্মীকো পৰিবহন বিভাগে আগবঢ়াব এই সুবিধা ।অহা ১১ আগষ্টত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।ইফালে,চিকিৎসক সমাজৰ বাবে জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক আদৰনি জনাইছে চিকিৎসক সমাজে ।