মঙ্গলবাৰৰ পৰা আৰাম্ভ হ’ব শক্তিপীঠ কামাখ্যা মহা অম্বুবাচী

465

অহা ২২ জনু মঙ্গলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰাম্ভ হ’ব মহা অম্বুবাচী।প্ৰতি বছৰে দেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল আহি উপস্থিত হয় এই মহা অম্বুবাচীত।কিন্তু ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পূৰ্বৰ দৰে অনুষ্ঠিত নহয় পবিত্ৰ অম্বুবাচী। শক্তিপীঠত সমাগম নহয় দেশ-বিদেশৰ সাধু-সন্ন্যাষীৰ লগতে সাধাৰন ভক্তৰ। কেৱল শক্তিপীঠৰ পুজাৰীয়েই অনুষ্টুপীয়াকৈ সম্পন্ন কৰিব প্ৰচলিত সকলো ৰীতি নীতি।পঞ্জিকা অনুসৰি আগন্তক ২২ জুন মঙলবাৰে দিনৰ ২.০৬.০৭ মিনিটত অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হ‘ব আৰু আৰু ২৬ জুন, বুধবাৰে নিশা ২ঃ২৯ঃ০৯ মিনিটত নিবৃত্তি হ‘ব। মাজৰ সময়ছোৱাত অৰ্থাৎ ২৩, ২৪, আৰু ২৫ জুনত কামাখ্যা ধামৰ মূল দুৱাৰ বন্ধ থাকিব। ২৬ জুনত খুলিব ধামৰ দুৱাৰ।