অম্বুবাচী মহাযোগৰ বাবে এতিয়া দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও নীলাচল পাহাৰলৈ আহিছে সাধু-সন্ন্যাসী ৷বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মহাযোগলৈ মাজত মাত্র কেইটামান দিন বাকী । ইতিমধ্যে মা কামাখ্যাৰ পবিত্রস্থল নীলাচল পাহাৰলৈ আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰ । মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ । অম্বুবাচীক লৈ পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে কামাখ্যা দেৱালয়ে ব্যাপক প্ৰস্তুতি চলাইছে ।২২ জুনৰ পৰা নীলাচলৰ বুকুত কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ । ২২ জুনৰ দিনা দিনৰ ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হ’ব । ২৩, ২৪ আৰু ২৫ জুন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মুখ্য দ্বাৰ ।”২৬ জুনত পুৱা নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে মুকলি কৰা হ’ব মা কামাখ্যাৰ দুৱাৰ । ২৬ জুনৰ পুৱা পৰম্পৰা অনুসৰি দেৱীৰ স্নান তথা নিত্যপূজা সম্পন্ন কৰাৰ পাছত খুলি দিয়া হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ । আনহাতে এইবাৰ অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল । সন্ধিয়া ৬ বজাৰ পাছত প্ৰৱেশত বাধা থাকিব । নীলাচল পাহাৰত ভক্ত থকাৰ বাবে কোনো ধৰণৰ শিবিৰৰ আৰু খোৱা খাদ্য বিতৰণৰ ব্যৱস্থা নাথাকে । মন্দিৰ চৌহদৰ স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব দি এই ব্যৱস্থা কৰা হৈছে ।”অম্বুবাচী উপলক্ষ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-দৰ্শনাৰ্থীসকলৰ বাবে পাণ্ডু প’ৰ্ট আৰু কামাখ্যা ৰে’ল ষ্টেচনত শিবিৰৰ ব্যৱস্থা কৰা হৈছে । ভক্তৰ সুবিধাৰ্থে শিবিৰসমূহত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
