দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু আগশাৰীৰ গহনা ব্ৰেণ্ড কল্যাণ জুৱেলাৰ্ছে ডিব্ৰুগড়ৰ খলিহামাৰীৰ কে চি গগৈ পথত সম্পূৰ্ণ নতুন শ্ব’ৰুমৰ মুকলি কৰৰ কথা ঘোষণা কৰিছে। জনপ্ৰিয় অভিনেত্ৰী জেনেলিয়া ডি’ চুজাই ২৯ আগষ্ট শুকুৰবাৰে বিয়লি ৪:০০ বজাত কল্যাণ জুৱেলাৰী আৰু লাইফষ্টাইল গহণা ব্ৰেণ্ডকেণ্ডাৰ শ্ব’ৰুম দুটা উদ্বোধন কৰিব। বৰ্তমান এই ব্ৰেণ্ডটোৱে দেশৰ সকলোবোৰ আগশাৰীৰ বজাৰতে শক্তিশালী উপস্থিতি লাভ কৰিছে। নতুন শ্ব’ৰুমসমূহত বিস্তৃত ডিজাইনৰ ব্যৱস্থা কৰা হ’ব, যিবোৰ বিশ্বমানৰ পৰিৱেশত প্ৰদৰ্শিত হ’ব।
নতুন শ্ব’ৰুম মুকলিৰ বিষয়ে সদৰি কৰি কল্যাণ জুৱেলাৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমনে কয় যে,” ডিব্ৰুগড়ত নতুন শ্ব’ৰুম মুকলিৰ ফলত আমি বজাৰৰ অংশীদাৰিত্ব শক্তিশালী কৰিব পাৰিম, লগতে পৃষ্ঠপোষকসকলক সুবিধা আৰু অভিগম্যতা প্ৰদান কৰিব পাৰিম।” এই শুভাৰম্ভণি উদযাপনৰ বাবে কল্যাণ জুৱেলাৰ্ছে ঘোষণা কৰিছে ০% মেকিং চাৰ্জ*। কল্যাণ বিশেষ গল্ড ব’ৰ্ড ৰেট – বজাৰত সৰ্বনিম্ন আৰু সকলো কোম্পানীৰ শ্ব’ৰুমত প্ৰামাণিক-এই গহণা ক্ৰয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
কল্যাণ জুৱেলৰ্ছত খুচুৰা বিক্ৰী কৰা সকলো গহণা বিআইএছ হলমাৰ্কযুক্ত হয় আৰু একাধিক বিশুদ্ধতা পৰীক্ষা কৰা হয়। পৃষ্ঠপোষকসকলে কল্যাণ জুৱেলৰ্ছৰ ৪-লেভেল বিশুদ্ধতা প্ৰমাণপত্ৰ, বিশুদ্ধতাৰ নিশ্চয়তা, অলংকাৰৰ বিনামূলীয়া জীৱনজোৰা তত্বাৱধান, সামগ্ৰীৰ বিশদ তথ্য আৰু স্বচ্ছ বিনিময় আৰু বাই-বেক পলিচীও লাভ কৰিব। শ্ব’ৰুমত কল্যাণৰ জনপ্ৰিয় ঘৰুৱা ব্ৰেণ্ডসমূহৰ লগতে মুহুৰত (বিবাহৰ গহণা), মুধৰা (হস্তনিৰ্মিত প্ৰাচীন গহণা), নিমা (মন্দিৰৰ গহণা), গ্ল’ (নৃত্য কৰা হীৰা), জিয়া (চলিটেয়াৰৰ দৰে হীৰাৰ গহণা), আনোখি (কটা হীৰা), অপূৰ্ব (বিশেষ অনুষ্ঠানৰ বাবে হীৰা) অন্তৰা (বিবাহৰ হীৰা) হেৰা (দৈনিক পিন্ধা হীৰা), ৰং (মূল্যৱান ষ্টন জুৱেলাৰী) আৰু শেহতীয়াকৈ মুকলি কৰা লীলা (ৰঙীন ষ্টন আৰু হীৰাৰ গহণা)ৰ সামগ্ৰীও উপলব্ধ থাকিব। ব্ৰেণ্ডৰ সংগ্ৰহ আৰু অফাৰসমূহৰ বিষয়ে জানিবলৈ এতিয়াই দৰ্শন কৰক https://www.kalyanjewellers.net/
