গুৱাহাটী , ১৪ফেব্ৰুৱাৰী : গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন চৌহদৰ ফিল্ম ষ্টুডিঅ’ত পালন হৈছে প্ৰথম গুৱাহাটী এচিয়ান চলচ্চিত্ৰ মহোৎসৱ – ২০২৫ । এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ ছবি প্ৰতিযোগিতা শাখাত মুঠ ৬ খন ছবিয়ে ভাগ লৈছে। তাৰ ভিতৰত ধীৰাজ দাস কাশ্যপ পৰিচালিত “এমেছাৰছ”(অসমীয়া ) , হাওঁবাম পৱন কুমাৰ পৰিচালিত”যোছেফ চন”(মণিপুৰী), শ্ৰুতিস্মৃতি চাংকাকতি পৰিচালিত “বিফৰ স্পৰিং” ( অসমীয়া ) , অমৰদীপ গগৈ পৰিচালিত কলাজ (অসমীয়া) , খঞ্জন কিশোৰ নাথ পৰিচালিত “এটা নিৰ্জন দূপৰীয়া” ,( অসমীয়া ) আৰু মৃদুল গুপ্তা পৰিচালিত “মিৰ্বিন”(কাৰ্বি )। আনহাতে প্ৰথম দিনা পুৱাৰ ভাগত প্ৰদৰ্শিত হোৱা ধীৰাজ কাশ্যপ পৰিচালিত ‘এমেছাৰছ’ ছবিখনে উপস্থিত দৰ্শকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে ১৯৮৩ চনৰ ঐতিহাসিক অসম আন্দোলনৰ সময় চোৱাৰ পাৰিপাৰ্শ্বিক পৰিৱেশ ডাঙি ধৰা ইয়াৰ কাহিনী ভাগত এজন পৰম্পৰাগত সঁচা লোক শিল্পী যাক ঢুলীয়া বুলি কোৱা হয় তেনে এজন মাটিৰ শিল্পীৰ মৰ্ম বেদনা প্ৰকাশ কৰা হৈছে । কলা ইতিমধ্যে কেইবাটাও আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখনে যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা ৭ম শৈলধৰ বৰুৱা চলচ্চিত্ৰ এৱাৰ্ড ২০২৪ ত শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বটাঁ লাভ কৰিছিল।
আনন্দ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা বিমল কুমাৰ আগৰৱালাৰ , কাৰ্য্যবাহী প্ৰযোজনা- সৰিতা আগৰৱালাৰ আৰু বিভা কলিতাৰ, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ – ধীৰাজ কাশ্যপৰ , দৃশ্যগ্ৰহণ – নৱ কুমাৰ দাসৰ , সম্পাদনা – ভাস্কৰ জ্যোতি ভূঞাৰ, শব্দ পৰিকল্পনা – বলেন পাঠকৰ । বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পী সকল হৈছে – ভাস্কৰ মিশ্ৰ, কৈলাস শৰ্মা, গোপাল কলিতা, চিন্ময় ৰাজকুমাৰ, প্ৰতিভা ঠাকুৰীয়া, মিনাক্ষী কলিতা আদি।