প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে প্রদেশ কংগ্ৰেছে। কংগ্ৰেছে মহানগৰীত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মমশিখা সমদল কৰি প্রতিবাদ সাব্যস্ত কৰে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত প্ৰদেশ কংগ্ৰেছে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা দীঘলীপুখুৰী অভিমুখে সন্ধিয়া মমশিখা সমদল উলিয়ায়।
এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। কিন্তু তেওঁলোকক আৰক্ষীয়ে বাধা আৰোপ কৰে। যাৰ ফলত পৰিৱেশ উত্তাল হৈ পৰে। শান্তিপূর্ণ সমদলক বাধা প্ৰদান কৰাক লৈ ক্ষোভিত হৈ সাংসদ গৌৰৱ গগৈয়ে বাধা প্রদান কৰা আৰক্ষীক জবাবদিহি কৰি কয় যে কাৰ নির্দেশত তেওঁলোকক বাধা প্ৰদান কৰা হৈছে।
তেওঁ অসম আৰক্ষীকো ৰাইজৰ পক্ষত থাকি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ সপক্ষে থিয় দিয়াৰ বাবে আহ্বান জনায়।
