জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত তদন্তত বুধবাৰে গ্ৰেপ্তাৰ হয় অসম আৰক্ষীৰ বিষয়া। চিআইডিয়ে জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষক (DSP) সন্দীপন গাৰ্গক। জুবিনৰ মৃত্যুৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক জেৰা কৰি থকা হৈছে। এই গোচৰত এয়া পঞ্চমটো গ্ৰেপ্তাৰ।
উল্লেখ্য যে জুবিনৰ মৃত্যুৰ সময়ত য়টত থকা আঠজন অসমীয়া ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে সোমবাৰে চিআইডিৰ আগত নিজৰ ভাষ্য দাখিল কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু মঙলবাৰে ৰূপকমল কলিতা SIT-ৰ ওচৰত হাজিৰ হয়। আন সাতজন লোকে এতিয়াও তদন্তকাৰী দলৰ ওচৰত হাজিৰ হোৱা নাই।
