জেএছডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক জেএছডব্লিউ গ্ৰুপক এক গোলকীয় প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰিৱৰ্তনশীল নেতৃত্বৰ স্বীকৃতিস্বৰূপে পঞ্চদশ এআইএমএ মেনেজিং ইণ্ডিয়া বঁটা প্ৰদান অনুষ্ঠানত বহুপ্ৰতীক্ষিত ‘দশকটোৰ ব্যৱসায়িক নেতা’ ৰূপে সন্মানিত কৰা হয়। জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক পঞ্চদশ এআইএমএ মেনেজিং ইণ্ডিয়া এৱাৰ্ড অনুষ্ঠানত বহুপ্ৰতীক্ষিত ‘দশকটোৰ ব্যৱসায়িক নেতা’ৰ সন্মান প্ৰদান কৰা হৈছে, জেএছডব্লিউ গ্ৰুপক বিশ্বব্যাপী সংঘবদ্ধ সংস্থালৈ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সজ্জন জিন্দালৰ ৰূপান্তৰশীল নেতৃত্বৰ স্বীকৃতি স্বৰূপে এই বঁটাৰে বিভূষিত কৰা হৈছে।
এই অনুষ্ঠানত মুখ্য অতিথিৰূপে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু সন্মানীয় অতিথিৰূপে বাণিজ্য-উদ্যোগ, ইলেক্ট্ৰনিক্স আৰু তথ্যপ্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদে উপস্থিত থাকে। সজ্জন জিন্দালক আগবঢ়োৱা বঁটাৰ প্ৰশস্তি পত্ৰখন কেপিএমজি ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া য়েজদি নাগপুৰেৱালাই পাঠ কৰে। জিন্দালৰ নেতৃত্বত জেএছডব্লিউ গ্ৰুপে উল্লেখযোগ্য অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে, প্ৰতিষ্ঠানটোৰ ৰাজহ দুগুণতকৈও অধিক বৃদ্ধি পাই ২৪ বিলিয়ন মাৰ্কিন ডলাৰ হৈছেগৈ। সজ্জন জিন্দালৰ কৌশলগত দৃষ্টিভংগীৰ বলতে জেএছডব্লিউৰ বাৰ্ষিক তীখা উৎপাদন ক্ষমতা প্ৰায় তিনিগুণ বৃদ্ধি হৈ ৩৯ মিলিয়ন টন হৈছেগৈ, একে সময়তে প্ৰতিষ্ঠানটোক নবীকৰণযোগ্য শক্তি আৰু চিমেণ্ট উৎপাদনৰ এক প্ৰধান শক্তি হিচাপেও প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
অল ইণ্ডিয়া মেনেজমেণ্ট এছ’চিয়েচন(এআইএমএ)-এ মেনেজিং ইণ্ডিয়া এৱাৰ্ডসমূহ প্ৰদান কৰি ভাৰতৰ ব্যৱসায়িক পৰিৱেশত অসাধাৰণ অৱদানক উদযাপন কৰিছে। এই অনুষ্ঠানত বঁটা বিজয়ী বিশিষ্ট ব্যক্তিসকল, উদ্যোগৰ আগশাৰীৰ কেইবাজনো নেতা আৰু এআইএমএৰ বিষয়ববীয়াসকলক এই ১৫ সংখ্যক সংস্কৰণৰ বঁটাৰ বাবে একত্ৰিত কৰে।