ড্ৰাইভ.ভাৰতত অগ্ৰণী ই ভি পৰিস্থিতিতন্ত্ৰ ঘোষণা জেএছডব্লিউ এমজি মটৰৰ

174

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ড্ৰাইভ.ভাৰত অনুষ্ঠানত উদ্যোগ-প্ৰথম বৈদ্যুতিক বাহন(ইভি)ৰ এক অভিনৱ শৃংখলা মুকলি কৰিছে। প্ৰতিষ্ঠানটোৱে এই অনুষ্ঠানত ইভি খণ্ড আৰু আন্তঃগাঁথনিত বিপ্লৱ অনাৰ লক্ষ্যৰে চাৰিটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা সদৰি কৰে। চাৰ্জৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে এম জিৰ ই-হাব, যি এই উদ্যোগৰ প্ৰথম আৰু সৰ্ববৃহৎ অ’ইএম-বিকশিত ইভি চাৰ্জিং প্লেটফৰ্ম।

এই প্লেটফৰ্মে চাৰ্জিং প্ৰদানকাৰীৰ এক বিস্তৃত নেটৱৰ্ক একত্ৰিত কৰিছে, ইভি চাৰ্জৰ সন্ধান, সংৰক্ষণ আৰু পৰিশোধ কৰাৰ প্ৰক্ৰিয়া সৰল কৰিছে। আন এক উল্লেখযোগ্য আৰম্ভণি হৈছে প্ৰজেক্ট ৰিভাইভ, টেৰি, লোহ’ম আৰু বেটএক্সৰ সৈতে অংশীদাৰিত্ব, যিয়ে নবীকৰণযোগ্য শক্তি সংৰক্ষণত ব্যৱহাৰৰ বাবে ইভি বেটাৰীৰ পুনৰ উদ্দেশ্য নিৰ্ধাৰণ, বহনক্ষমতা আৰু বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে।

এমজি মটৰে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো সমৰ্পিত ইভি শৈক্ষিক প্লেটফৰ্ম ইভিপিইডিএঅ’, যি প্লেটফৰ্মক ইভি প্ৰযুক্তি, খৰচ আৰু ৰক্ষণাবেক্ষণৰ বিষয়ে বিস্তৃত তথ্য প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে সজাগ-অৱগত গ্ৰাহকৰ সিদ্ধান্তসমূহক সমৰ্থন কৰি আহিছে। ইয়াৰ উপৰিও এম জি-জিঅ’ ইনোভেটিভ কানেক্টিভিটি প্লেটফৰ্ম (এমজি-জিঅ’ আইচিপি) ঘোষণা কৰিছে, য’ত গাড়ীৰ ভিতৰত গেমিং, লাৰ্নিং আৰু মনোৰঞ্জন প্ৰযুক্তিৰ সুবিধাসমূহ সন্নিৱিষ্ট কৰা হৈছে আৰু ভৱিষ্যতৰ এমজি মডেলত ই ষ্টেণ্ডাৰ্ড ৰূপে পৰিগণিত হ’ব। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ চীফ গ্ৰওথ অফিচাৰ গৌৰৱ গুপ্তাই ইভি প্ৰযুক্তি গ্ৰাহকক আগবঢ়োৱাৰ লগতে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিছে। গুপ্তাই কয় যে, “আমাৰ উদ্ভাৱনে ইভি গ্ৰহণ ত্বৰান্বিত কৰা আৰু এক শক্তিশালী, বহনক্ষম ইভি পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰতি আমাৰ সমৰ্পণ প্ৰতিফলিত কৰিছে।”