জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ এমজি উইণ্ডছৰ বাহনখনে ৪০০ দিনৰ ভিতৰতে ৫০,০০০ বাহন বিক্ৰী অতিক্ৰম কৰি মাইলৰ খুঁটি অৰ্জন কৰা ভাৰতৰ প্ৰথমখন চাৰিচকীয়া ইলেক্ট্ৰিক বাহন(ইভি) হিচাপে পৰিগণিত হোৱাৰ কথা সদৰি কৰিছে। প্ৰতি ঘণ্টাত গড়ে ৫খন বাহন বিক্ৰী কৰা উইণ্ডছৰে দেশৰ ৪ডব্লিউ-ইভি ছেগমেণ্টত দ্ৰুতগতিত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। বাহনখনৰ দ্ৰুত গ্ৰহণে এম জি উইণ্ডছৰৰ ষ্টাইল, পৰিৱেশন আৰু উদ্ভাৱনী প্ৰযুক্তিৰ মিশ্ৰণৰ প্ৰতি গ্ৰাহকৰ শক্তিশালী পছন্দ প্ৰতিফলিত কৰিছে। জেএছডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই কয় যে, অভিলেখ সময়ত ৫০,০০০ বাহন বিক্ৰী কৰিবলৈ সক্ষম হোৱাটো ভাৰতৰ ই ভি যাত্ৰাৰ এক যুগান্তকাৰী মুহূৰ্ত। তেওঁ লগতে কয় যে, প্ৰতিষ্ঠানটোৱে উচ্চমানৰ মালিকীস্বত্বৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে নতুন শক্তিৰ বাহনসমূহক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
মেট্ৰ’ চহসমূহৰ বাহিৰেও এমজি উইণ্ডছৰে নন-মেট্ৰ’ চহৰসমূহত আকৰ্ষণ লাভ কৰিছে, যি সমগ্ৰ ভাৰতত বহনক্ষম গতিশীলতা সমাধানৰ বৰ্ধিত গ্ৰহণযোগ্যতা প্ৰদৰ্শন কৰিছে। মন্ত্ৰী নিতিন গাডকাৰীয়ে উন্মোচন কৰা সীমিত সংস্কৰণৰ এম জি উইণ্ডছৰ ইনস্পায়াৰ মুকলি কৰাটোৱে প্ৰিমিয়াম অফাৰৰ ওপৰত ব্ৰেণ্ডটোৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰিছে। গুৱাহাটীৰ এমজি উইণ্ডছৰত বুকিং ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, বিশেষকৈ যুৱ পেছাদাৰী আৰু পৰিয়ালৰ মাজত এক আড়ম্বৰপূৰ্ণ, পৰিৱেশ-অনুকূল বাহনৰ অন্বেষণ কৰি আছে। ব্যৱসায়ীসকলে প্ৰকাশ কৰিছে যে, স্থানীয় শ্ব’ৰুমসমূহত পৰীক্ষামূলক অভিযান বৃদ্ধি পাইছে, যিয়ে ইভি বাহন গ্ৰহণ আৰু এমজি-ৰ শক্তিশালী ব্ৰেণ্ড আবেদনৰ প্ৰতি চহৰখনৰ বৰ্ধিত আগ্ৰহ প্ৰতিফলিত কৰিছে।
৯.৯৯ লাখ+ ৩.৯/কে.মি.ৰ প্ৰাৰম্ভিক বাছ মূল্যত আগবঢ়োৱা এমজি উইণ্ডছৰে ১৩৬পিএছ আৰু ২০০এনএম টৰ্কৰ দ্বাৰা চালিত এছইউভি বহুমুখিতাৰে ছেডানৰ দৰে স্বাচ্ছন্দ্যৰ সংমিশ্ৰণ ঘটাইছে, যিয়ে ইয়াক দেশজোৰা বিচক্ষণ ক্ৰেতাৰ বাবে এক আকৰ্ষণীয় বিকল্প হিচাপে গঢ়ি তুলিছে।
