ভাৰত মবিলিটী গ্লবেল এক্সপ’ ২০২৫ত জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ নেক্সট জেন মবিলিটী সমাধান উপস্থাপন

45

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ড্ৰাইভ.ফিউচাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৫ৰ দ্বিতীয় দিনটোত নিজৰ নতুন যুগৰ প্ৰযুক্তি আৰু আগন্তুক চিন্তাধাৰাৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰিছে। নিজৰ প্ৰযুক্তিগত নেতৃত্বক সুদৃঢ় কৰি জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ কেছ (সংযুক্ত, স্বায়ত্তশাসিত, অংশীদাৰী, আৰু বৈদ্যুতিক) প্ৰযুক্তিৰ দক্ষতা প্ৰদৰ্শন কৰিছে।

উদ্ভাৱন, বহনক্ষমতা আৰু গ্ৰাহককেন্দ্ৰিক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্ৰেণ্ডটোৱে আধুনিক যুগৰ বাবে গতিশীলতাক উন্নীত কৰা যুগান্তকাৰী সমাধান উপস্থাপন কৰিছিল। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ড্ৰাইভ.ফিউচাৰৰ দৃষ্টিভংগীক পৰৱৰ্তী পৰ্যায়লৈ উন্নীত কৰি হাইব্ৰিড ইলেক্ট্ৰিক বাহন (এইচইভি), প্লাগ-ইন হাইব্ৰিড ইলেক্ট্ৰিক বাহন (পিএইচইভি), বেটাৰী ইলেক্ট্ৰিক বাহন (বিইভি) আৰু আভ্যন্তৰীণ দহন ইঞ্জিন (আইচিই) মডেলসমূহ অন্তৰ্ভুক্ত কৰিছে।

ইয়াৰ ভিতৰত আছে শক্তিশালী বেটাৰী ব্যৱস্থাপনাৰে অভিনৱ মডেলসমূহ, আইএম৫ আৰু আইএম৬, প্ৰিমিয়াম প্লাগ-ইন হাইব্ৰিড ইলেক্ট্ৰিক বাহন এমজি এইচএছ, গ্ৰেণ্ড এছইউভি এমজি মেজেষ্টৰ, ডি+ ছেগমেণ্ট এছইউভি, কমেট ব্লেকষ্টৰ্ম আৰু বিলাসী এমজি৭ ট্ৰফী এডিচন আদি। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ চিইঅ’ এমেৰিটাছ ৰাজীৱ চাবাই এই বিষয়ে সদৰি কৰি কয় যে, “ড্ৰাইভ.ফিউচাৰৰ আমাৰ দৃষ্টিভংগী উন্নত প্ৰযুক্তিৰ সহায়ত গতিশীলতাক এক বহনক্ষম, সংযুক্ত আৰু গ্ৰাহককেন্দ্ৰিক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰাত শিপাই আছে।”