পেনোৰমিক ছানৰুফৰ সৈতে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই আগবঢ়াইছে এষ্টাৰ ২০২৫ 

172

জেএছডব্লিউ এমজি মটৰে ভাৰতৰ সবাতোকৈ উন্নীত এছইউভি এমৱাই ২০২৫ সংস্কৰণৰ শ্ৰেণী -এমজি এষ্টৰৰ এমৱাই ২০২৫ সংস্কৰণ মুকলি কৰিছে, ইয়াৰে শ্বাইন আৰু চিলেক্ট ভেৰিয়েণ্টত নতুন বৈশিষ্ট্য-সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। এষ্টাৰ ২০২৫ৰ শ্বাইন ভেৰিয়েণ্টত আছে পেনোৰমিক ছানৰুফ আৰু ছটা স্পীকাৰ, যিয়ে ড্ৰাইভিং অভিজ্ঞতাক অনন্য কৰি তোলে। 

ইয়াৰ লগে লগে এমজি এষ্টৰ নিজৰ ছেগমেণ্টৰ একমাত্ৰ এছইউভিৰূপে পৰিগণিত হ’ল, যিয়ে ১২.৫ লাখ টকাৰ তলৰ বাহনত পেনোৰামিক ছানৰুফ প্ৰদান কৰিছে। ৬টা এয়াৰবেগ আৰু প্ৰিমিয়াম বিশেষ চামৰাৰ আসনৰ সংযোজনে চিলেক্ট ভেৰিয়েণ্টে আৰাম আৰু সুৰক্ষা আৰু অধিক উন্নত কৰি তুলিছ। ভাৰতৰ প্ৰথম এছইউভি, যাৰ ভিতৰভাগত এআই থাকিব, এইসমূহ ভেৰিয়েণ্ট হৈছে- স্প্ৰিণ্ট, শ্বাইন, চিলেক্ট, শ্বাৰ্প প্ৰ’ আৰু চেভি প্ৰ’, ৯.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক এক্স-শ্ব’ৰুম মূল্যত লাভ কৰিব এই বাহন।

এমজি এষ্টৰ এমৱাই ২৫-ৰ ভেৰিয়েণ্টবোৰে বিবিধ আকৰ্ষণীয় সুবিধা আগবঢ়ায় – সন্মুখৰ শাৰীত ভেণ্টিলেটেড ছীট, ৱায়াৰলেচ চাৰ্জাৰ, ৱায়াৰলেচ এণ্ড্ৰইড অট’ আৰু এপল কাৰ প্লে আৰু অতিৰিক্ত সুৰক্ষা আৰু সুবিধাৰ বাবে অট’-ডিমিং আইআৰভিএমৰ লগতে এক সামগ্ৰিক ড্ৰাইভিং অভিজ্ঞতাৰ বাবে উন্নত ইউজাৰ ইণ্টাৰফেচৰ সৈতে এক উন্নীত আই-স্মাৰ্ট ২.০ সন্নিৱিষ্ট কৰা হৈছে। এমজি এষ্টৰ ২০২৫ বাহনখন ১.৫ এল এমটি আৰু চিভিটি আৰু ১.৩ টাৰ্বো এটি পাৱাৰট্ৰেইনৰ সৈতে উপলব্ধ হ’ব।