জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই আগবঢ়াইছে ভাৰতৰ প্ৰথমখন ক্ৰছঅভাৰ ইউটিলিটী বাহন : এম জি উইণ্ডচৰ

119

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ক্ৰছঅভাৰ ইউটিলিটি ভেহিকেল চমুকৈ চিইউভি বজাৰত ভাৰতৰ গ্ৰাহকসকলক নতুন সোৱাদ প্ৰদানৰ মানসেৰে বহু প্ৰত্যাশিত মডেল এমজি উইণ্ডছৰ মুকলি কৰিছে। ঐতিহাসিক উইণ্ডচৰ কেচেলৰ নামেৰে নামকৰণ কৰা এই বুদ্ধিদীপ্ত অত্যাধুনিক চিইউভিখনে উন্নত প্ৰযুক্তিৰ সৈতে ক্লাছিক আড়ম্বৰক একত্ৰিত কৰিছে, লগতে বিলাসীতা আৰু উদ্ভাৱনৰ সংমিশ্ৰণৰো প্ৰতিশ্ৰুতি দিছে।

উইণ্ডচৰ কেচেলৰ স্থাপত্য আৰু ৰাজকীয় ঐতিহ্যৰ পৰা অনুপ্ৰাণিত হৈ এম জি উইণ্ডচৰক নিখুঁত কাৰুকাৰ্য আৰু প্ৰিমিয়াম মানদণ্ডক প্ৰতিফলিত কৰি বাহনখন বিশেষভাৱে ডিজাইন কৰা হৈছে। বাহনখনৰ আকৰ্ষণীয় ডিজাইন আৰু উন্নত বৈশিষ্ট্যই কেচেলৰ ঐতিহাসিক মহিমা আৰু অত্যাধুনিক উন্নীতকৰণৰ সংমিশ্ৰণক অনুৰণিত কৰিছে।

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া সতীন্দৰ সিং বাজৱাই বাহনখনৰ আকৰ্ষণীয় বৈশিষ্ট্যৰ ওপৰত আলোকপাত কৰি কয় যে, “এমজি উইণ্ডছৰে ঐতিহ্যমণ্ডিত উইণ্ডছৰ কেচেলৰ সাৰাংশ-কেচেলৰ ৰাজকীয় ৰূপ, কাৰুশিল্প আৰু প্ৰশস্ততাক কঢ়িয়াই আনিছে। আমাৰ নতুন এছইউভিখনে এখন চেডানৰ আৰাম আৰু এছইউভিৰ প্ৰসাৰ দুয়োটা প্ৰদান কৰিছে, যি ভৱিষ্যদৰ্শী প্ৰযুক্তি আৰু এৰোডাইনেমিক ডিজাইনৰ দ্বাৰা উন্নীত কৰা হৈছে।”