সাংবাদিক, কবি কুশল লাহনৰ “নিয়ৰৰ কণা” গীতৰ উন্মোচন

224

“এনে ধৰণৰ গীতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন জীপাল কৰি ৰাখিব”:- অনুপম শইকীয়া

সাংবাদিক কুশল লাহনে লিখা “নিয়ৰৰ কণা” শীৰ্ষক এটি গীতৰ শ্ৰব্য সংষ্কৰণ (অডিঅ’) আজি মুকলি কৰা হয়। গুৱাহাটীৰ ৰাজগড় ৰোডত থকা ৰিকন হোটেলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটোৰ অডিঅ’ মুকলি কৰে জনপ্ৰিয় কন্ঠশিল্পী অনুপম শইকীয়া, অসমীয়া প্ৰতিদিনৰ জেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়, অভিনেত্ৰী সীমা বৰুৱা আৰু অভিনেতা উজ্জ্বল বৰাই। “নিয়ৰৰ কণা” শীৰ্ষক গীতটো সন্দৰ্ভত কন্ঠশিল্পী অনুপম শইকীয়াই কয়–“কুশল লাহনে গীতটো অতি সুন্দৰভাৱে লিখিছে। গীতটো কথা সুৰেৰে প্ৰাণ পাইছে। এনে ধৰণৰ গীতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন জীপাল কৰি ৰাখিব।”

ইফালে, জেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়ে কুশল লাহনৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। গীতটোত কন্ঠদান কৰিছে ডিয়ান হাজৰিকাই। হীৰকজ্যোতি নাথে গীতটোত সংগীত দিছে। উল্লেখ্য যে, বিগত প্ৰায় চাৰি বছৰ পূৰ্বে ১৫ আগষ্টৰ দিনা এক পথ দুৰ্ঘটনাত দৃঢ় সাংবাদিক কুশল লাহন গুৰুতৰভাৱে অসুস্থ হৈছিল। বৰ্তমানেও সাংবাদিকগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। এই সময়ছোৱাত কুশল লাহনে গীত-কবিতা আদি সৃষ্টিৰে জীৱনৰ কঠিন সময় অতিবাহিত কৰিছে। আজিৰ অনুস্থানত উপস্থিত সকলোৱে কুশলৰ আশু আৰোগ্য কামনা কৰে। অনুস্থানত উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক কুশল কলিতাই। সাংবাদিক অনুপমা ডেকাই আত ধৰা অনুস্থানত কুশল লাহনৰ মাতৃ দিপালী লাহনৰ লগতে অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ কেইবাগৰাকীও সাংবাদিক-সংবাদকৰ্মী তথা কুশলৰ শুভাকাংক্ষী উপস্থিত থাকে।