যোৱা ৭ ডিচেম্বৰত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক সাংস্কৃতিক আৰু সাহিত্যানুষ্ঠান পূৰ্বাঞ্চল সমন্বয় মঞ্চ The NER forum for unity ৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখনত “দৈনিক অসম”ৰ সাংবাদিক ভৱেশ কলিতাক “বৰ্ষশ্ৰেষ্ঠ কথাগল্পকাৰ ২০২৫ বঁটা” আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়।
উল্লেখ্য যে একেখন মঞ্চতে পূৰ্বাঞ্চল সমন্বয় মঞ্চই অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে আয়োজন কৰা কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা সাংবাদিক ভৱেশ কলিতাক শ্ৰেষ্ঠ কবি হিচাপে আনুষ্ঠানিক ভাৱে বঁটা প্ৰদান কৰা হয়। লগতে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সাংবাদিক ভৱেশ কলিতাক পূৰ্বাঞ্চল সমন্বয় মঞ্চৰ তৰফৰ পৰা “পূৰ্বাঞ্চল সমন্বয় সৌৰভ সন্মান ২০২৫” প্ৰদান কৰা হয় । এই বঁটাত আছে গামোচা, মানপত্ৰ, স্মাৰক, জাপি আৰু কিতাপৰ টোপোলা।
উল্লেখনীয় যে বিগত ২০২৪ বৰ্ষতো “দৈনিক অসম”ৰ সাংবাদিক ভৱেশ কলিতাক পূৰ্বাঞ্চল সমন্বয় মঞ্চই “বৰ্ষশ্ৰেষ্ঠ কথাগল্পকাৰ”ৰ সন্মান প্ৰদান কৰিছে । ইপিনে বিগত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যৰ অগ্ৰণী সাহিত্য চৰ্চাৰ অনুষ্ঠান সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ পৰাও সাংবাদিক ভৱেশ কলিতাক “কাব্য সাধনা বঁটা” প্ৰদান কৰে । সাংবাদিক ভৱেশ কলিতাৰ ইতিমধ্যে “কাগজৰ মোনা” শীৰ্ষক এখন গল্পপুথি তথা “ফাগুনক জোকাই নল’বি” আৰু “জিলমিল ৰূপালী জোনাক” শীৰ্ষক দুখন কবিতা পুথি প্ৰকাশ পাইছে ।
