ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণাক লৈ নতুন নিয়ম জাৰি কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে।
ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ণা প্ৰদৰ্শন কৰিলে ২০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব বুলি জাৰি নতুন নিয়ম।
খবৰ অনুসৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ মাজত অনুশাসন নিয়ন্ত্ৰণ আৰু বলবৎ কৰাৰ বাবে এই নতুন নিয়ম প্ৰণয়ন কৰা হৈছে।
‘জে এন ইউৰ ছাত্ৰ-ছাত্ৰীৰ অনুশাসন আৰু সঠিক আচৰণৰ নিয়ম’ত আৰু কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বাতিল কৰা হ’ব পাৰে বা ২০ হাজাৰ টকা পৰ্যন্ত জৰিমনাও হ’ব পাৰে। যদি তেওঁলোকে ঘেৰাও কৰে বা হিংসাৰ অভিযোগত অভিযুক্ত হয় তেন্তে ৩০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব পাৰে।’ – এক বিবৃতিত এই কথা সদৰী কৰা হৈছে।
