টাটা কমিউনিকেচনৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে সংস্থাটোক ডিজিটেললৈ ৰূপান্তৰিত কৰিব জেএলআৰে

341

জেএলআৰে গ্ল’বেল কমটেক (যোগাযোগ প্ৰযুক্তি) প্ৰতিষ্ঠান টাটা কমিউনিকেচনৰ সৈতে সহযোগিতা কৰি নিজৰ ডিজিটেল ৰূপান্তৰক ভৱিষ্যৎ-প্ৰমাণ(ফিউচাৰ প্ৰুফ) কৰি ইণ্ডাষ্ট্ৰী ৪.০ আৰু উন্নত বিশ্লেষণৰ দৰে নতুন ষ্টেণ্ডাৰ্ডৰ পথ প্ৰশস্ত কৰিছে। এই অংশীদাৰিত্বই জেএলআৰৰ পৰৱৰ্তী প্ৰজন্মৰ বাহনসমূহৰ উৎপাদনক শক্তি প্ৰদান কৰিব, যি নিজৰ ৰিইমাজিন ষ্ট্ৰেটেজী(কল্পনা কৌশল)ৰ এটা মূল অংশ আৰু প্ৰতিষ্ঠানটোৰ বাবে ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে সংযোগৰ ভেটি প্ৰদান কৰিব।

টাটা কমিউনিকেচনে জেএলআৰৰ সকলো ১২৮টা গ্ল’বেল চাইট সংযোগ কৰিবলৈ নিজৰ ক্লাউড-ফাৰ্ষ্ট এছডি-ৱান প্ৰযুক্তি মুকলি কৰিবলৈ সাজু হৈছে, যিয়ে গ্লোবেল মুখ্য কাৰ্যালয়সমূহক বিভিন্ন সুবিধাৰ সৈতে সংযোগ কৰি যোগান শৃংখল(চাপ্লাই চেইন)ৰ দক্ষতা আৰু সুৰক্ষা বৃদ্ধি কৰিব। এই বিষয়ে টাটা কমিউনিকেচনৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মুখ্য বিক্ৰী-বিপণন বিষয়া সুমিত ৱালিয়াই কয় যে, “টাটা কমিউনিকেচনে আমাৰ সুদৃঢ় আন্তঃগাঁথনি, প্লেটফৰ্ম আৰু পৰিচালিত সেৱাসমূহক লৈ এক ‘ডিজিটেল ফেব্ৰিক’ স্থাপন কৰিছে, যিয়ে সমগ্ৰ বিশ্বত জেএলআৰৰ প্ৰণালী, কৰ্মশক্তি, যোগানকৰ্তা, অংশীদাৰ আৰু গ্ৰাহকসকলক একত্ৰিত কৰাত সহায় কৰিব, ব্যৱসায়িক পৰিৱেশ তন্ত্ৰৰ মুখ্য দিশবোৰ সমৃদ্ধ কৰাৰ বাবে তথ্যৰ এক নিৰৱচ্ছিন্ন প্ৰবাহ প্ৰদান কৰিব।

টাটা কমিউনিকেচেনে প্ৰডাকচন লাইনৰ প্ৰদৰ্শন উন্নত আৰু খৰচ হ্ৰাস কৰাৰ বাবে নেটৱৰ্ক ৰূপান্তৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই ৰূপান্তৰে এআই-চালিত তথ্য সংগ্ৰহ কৰি নিৰীক্ষণ আৰু বিশ্লেষণ সক্ষম কৰিব, লগতে ভৱিষ্যদ্বাণীমূলক বিপদাংশকা ব্যৱস্থাপনা(ৰিস্ক মেনেজমেণ্ট) নিয়ন্ত্ৰণ বৃদ্ধি কৰিব। এই অংশীদাৰিত্বই উৎপাদন প্ৰক্ৰিয়াৰ উন্নীতকৰণকো হ্ৰাস কৰি নতুন মাত্ৰা প্ৰদান কৰিব, লগতে কাৰ্যকৰী স্থিতিস্থাপকতা শক্তিশালী কৰিব আৰু ক্ষিপ্ৰতা বৃদ্ধি কৰিব। ২০২৫ চনৰ ভিতৰত এই কাৰ্যসূচী সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।