জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত বৃহস্পতিবাৰে ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ এতিয়াও মূল্যায়ন কৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ মতে, এই দুৰ্যোগত ৬০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬০ৰ পৰা ৭০জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ৷ কোৱা হৈছে যে এতিয়াও বহু সংখ্যক গাঁৱৰ লোক সন্ধানহীন হৈ আছে ৷ ইয়াৰ বাবেই মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ অধিকাংশ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিনাক্ত কৰা হৈছে ৷
