উত্তৰ-পূব ভাৰতৰ যোগাযোগ বৃদ্ধিৰ বাবে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাই অ’ডিএই প্ৰদান কৰিছে ঋণ 

174

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই মেঘালয়ত দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে, এই ঋণৰ অধীনত উত্তৰ-পূব পথ নেটৱৰ্ক সংযোগ উন্নয়ন প্ৰকল্পৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূব ভাৰতত যোগাযোগ বৃদ্ধিৰ বাবে বলিষ্ঠ সমৰ্থন আগবঢ়াব জাইকাই।এই প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ ঋণ চুক্তি ৰূপায়ণ অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব বিকাশ শীল আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি ছাইতু মিটছুনুৰিয়ে। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে অসম আৰু মেঘালয়ক সংযোগ কৰা ভাৰতৰ আটাইতকৈ দীঘল নদী দলং ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ সহযোগ কৰিব। ইয়াৰ বাবে উত্তৰ-পূব পথ নেটৱৰ্ক সংযোগ উন্নয়ন প্ৰকল্প (পৰ্যায় ৩) (দ্বিতীয় পৰ্যায়)ৰ বাবে ৩৪,৫৩৭ মিলিয়ন জেপাই মূল্যৰ ঋণ প্ৰদান কৰিব জাইকাই। উত্তৰ-পূব পথ নেটৱৰ্ক সংযোগ উন্নয়ন প্ৰকল্প (৭ম পৰ্যায়)ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ১৫,৫৬১ মিলিয়ন য়েন (প্ৰায় ৮৭৭ কোটি টকা)ৰ আন এখন ঋণ চুক্তিপত্ৰতো স্বাক্ষৰিত কৰিছে দুয়োজন প্ৰতিনিধিয়ে। এই সহযোগিতাৰ লক্ষ্য হৈছে অসমৰ ফুলবাৰীৰ পৰা গোয়েৰাগ্ৰেলৈ ৰাষ্ট্ৰীয় ঘাইপথ ১২৭বি (এনএইচ১২৭বি) উন্নত কৰা আৰু অঞ্চলটোৰ যোগাযোগ উন্নীত কৰা।

এই উপলক্ষে নিজৰ অভিমত প্ৰদান কৰি জাইকা ইণ্ডিয়া কাৰ্যালয়ৰ মুখ্য প্ৰতিনিধি ছাইতু মিটছুনুৰিয়ে কয় যে, “উত্তৰ-পূৰ্বাঞ্চলৰ ৰোড নেটৱৰ্ক সংযোগ উন্নয়ন প্ৰকল্পৰ তৃতীয় পৰ্যায় (দ্বিতীয়) আৰু ৭ম পৰ্যায়লৈ জাইকাৰ সমৰ্থনে অঞ্চলটোত বহনক্ষম আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ বাবে নিজৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে আৰু আহি থকা দিনবোৰতো সমৰ্থন অব্যাহত ৰাখিব। ভাৰতৰ দীৰ্ঘতম নদী দলং ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ নিৰ্মাণৰ অগ্ৰগতিত আমি সন্তুষ্ট। সমান্তৰালভাৱে ফুলবাৰী আৰু গোয়েৰাগ্ৰে(ফেজ ৭)ৰ মাজৰ অংশটোৱে ইষ্ট-ৱেষ্ট কৰিডৰৰ অংশৰূপে সীমান্তৱৰ্তী মেঘালয়ৰ ডালুইন চহৰলৈকে সংযুক্ত কৰিব।

এই আন্তঃগাঁথনি সম্পূৰ্ণ হ’লে এই অঞ্চলটোৱে চুবুৰীয়া ৰাজ্য আৰু দেশৰ সৈতে সংযোগ বৃদ্ধিৰে নতুন অৰ্থনৈতিক কৰিডৰত পৰিণত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই প্ৰকল্পসমূহৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন অংশীদাৰ যেনে মেঘালয় ৰাজহুৱা নিৰ্মাণ বিভাগ(এম পি ডব্লিউ ডি), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল), মেঘালয় চৰকাৰ আৰু স্থানীয় জনগোষ্ঠী-মানুহৰ মাজত সহযোগিতাৰ প্ৰয়োজন।”