ঝুমুইৰ বিনন্দিনীত ভাগ লৈ মেট্ৰিকৰ পৰা বঞ্চিত হ’ল ৬০০০ শিক্ষাৰ্থী !

5

ঝুমুইৰ বিনন্দিনীত ভাগ লৈ মেট্ৰিকৰ পৰা বঞ্চিত হ’ল ৬০০০ শিক্ষাৰ্থী ! বিশেষ পৰীক্ষা পাতিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ আহ্বান ।

৯০০০ শিল্পীৰ অংশগ্ৰহণৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীত যোৱা ২৪ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য পৰিবেশনেৰে অসম চৰকাৰৰ উদ্যোগত এক অলিখিত ইতিহাস ৰচিবলৈ সক্ষম হয় অসমে ।

এই মেগা নৃত্যানুষ্ঠানৰ বাবেই ৬০০০ চাহ জনগোষ্ঠীয়-আদিবাসী শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হোৱাৰ বাতৰিয়ে সোমবাৰে তোলপাৰ লগাইছে অসম ।অখিল গগৈয়ে কয়, “আমি জনা মতে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি ৬০০০ শিক্ষাৰ্থীয়ে তেওঁলোকৰ এইবাৰৰ শৈক্ষিক বৰ্ষ হেৰুৱাই পেলালে ।

তেওঁলোকে এইবাৰ মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে । এইটো এটা ভয়ংকৰ খবৰ । মেট্ৰিকৰ সময়ত এনেকৈ ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয় ।”শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, ” যদিহে সঁচাকৈ ৬০০০ শিক্ষাৰ্থীয়ে মেট্ৰিক দিয়াৰ পৰা বঞ্চিত হৈছে, তেন্তে মই মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক আহ্বান জনাইছোঁ যে সোনকালেই এই শিক্ষাৰ্থীসকলৰ বাবে স্পেচিয়েলি পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব লাগে ।