‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে । চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব এই ৬০ দেশৰ ৰাষ্ট্ৰদূতসকল ।

ইতিমধ্যে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।উল্লেখযোগ্য যে ২৪ ফেব্ৰুৱাৰী সোমবাৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব এই ঐতিহাসিক ক্ষণৰ।

ইফালে ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৮৫০০ গৰাকী অংশগ্ৰহণকাৰীক ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিথে মুখ্য়মন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান ।উল্লেখযোগ্য যে সকলো অংশগ্ৰহণকাৰী আৰু মাষ্টাৰ ট্ৰেইনাৰত ২৫ হাজাৰ টকাকৈ দিয়া কথা ঘোষণা কৰিছে আৰু বিশেষজ্ঞ প্ৰশিক্ষকৰ বাবে ৩০ হাজাৰ টকা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।