ঝাৰখণ্ড-মিজোৰামৰ ছোৱালীৰ জয়লাভ

214

হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ দিনটোৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ মহিলা দলে মনিপুৰৰ বিৰুদ্ধে প্ৰথমে এগলত পিছ পৰাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷

ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অনুষ্ঠিত ছোৱালীৰ দ্বিতীয়খন মেচত মিজোৰামে ১৭-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে অসমক৷ উল্লেখ্য যে অসমৰ ছোৱালী দলটো ইয়াৰপূৰ্বে গ্ৰুপৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে ১৭-০ গলত পৰাস্ত হৈছিল৷