১.৯৯ লাখ টকাত ৪২ এফ জে মুকলি কৰি নব্য ক্লাছিক বাইকসূচীৰ সম্প্ৰসাৰণ জাৱাৰ

167

জাৱা য়েজদি মটৰচাইকেলে নিজৰ জনপ্ৰিয় ‘৪২ লাইফ’ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে, যাৰ মূল্য হৈছে ১,৯৯,১৪২ টকা (এক্স-শ্ব’ৰুম দিল্লী)। প্ৰতিষ্ঠাপক ফ্ৰাণ্টিচেক জেনেচেকৰ পৰা অনুপ্ৰাণিত এই নতুন মডেলটোৱে নিজৰ অত্যাধুনিক ডিজাইন আৰু শক্তিশালী প্ৰদৰ্শনেৰে নব্য-ক্লাছিক মটৰ চাইকেল ছেগমেণ্টত নতুন মানদণ্ড স্থাপনৰ লক্ষ্য ৰাখিছে।

নতুন ৩৫০ আলফা২ ইঞ্জিনেৰে সজ্জিত ৪২ এফজে বাইকত প্ৰদান কৰা হৈছে ২৯.২ পিএছ আৰু ২৯.৬ এনএম টৰ্ক, ইয়াত আছে ছয় স্পীড গিয়েৰবক্স, যিয়ে উন্নত প্ৰদৰ্শন কৰাত সহায় কৰে। বাইকখনৰ প্ৰধান বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ছেগমেণ্টৰ ভিতৰতে প্ৰথম ব্ৰাছড এলুমিনিয়াম টেংক পেনেল, এটা আপছুৱেপট এক্সহাষ্ট, সম্পূৰ্ণ এলইডি লাইট আৰু এটা সম্পূৰ্ণ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, যিয়ে ক্লাছিক নান্দনিকতা আৰু আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ দাঙি ধৰিছে।

নব্য ক্লাছিক মটৰ চাইকেলৰ শেহতীয়া সংযোজনে গুৱাহাটীত জাৱা ৪২ এফ জেৰ ষ্টাইল, প্ৰদৰ্শন আৰু ব্যয়সাধ্যতাৰ সংমিশ্ৰণ ঘটাই যথেষ্ট আগ্ৰহ বৃদ্ধি  কৰিব বুলি আশা কৰা হৈছে। প্ৰিমিয়াম অথচ সুলভ মটৰ চাইকেলৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে ৪২ এফ জেই অঞ্চলটোত জাৱাৰ স্থান শক্তিশালী কৰিবলৈ সাজু হৈছে।