বজাৰত উপস্থিতি বৃদ্ধিৰ বাবে ভিটেৰ’ টাইলছৰ ব্ৰেণ্ড এম্বেছাদৰ ৰূপে জাহ্নৱী কাপুৰক চুক্তিবদ্ধ

104

অপৰ্ণা এণ্টাৰপ্ৰাইজ লিমিটেডৰ অধীনৰ ভাৰতীয় টাইলছ উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান ভিটেৰ’ টাইলেছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জাহ্নৱী কাপুৰক ব্ৰেণ্ড এম্বেছাদৰ ৰূপে চুক্তিবদ্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই চুক্তিয়ে ভিটেৰ’ টাইলছৰ দৃশ্যমানতা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক টাইলছ বজাৰত নিজকে আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ বৰ্ধিত দৃষ্টিভংগীৰ অন্যতম অংশ।

অপৰ্ণা এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ পৰিচালন সঞ্চালক অশ্বিন ৰেড্ডীয়ে জাহ্নৱী কাপুৰৰ সৈতে নতুন যাত্ৰাৰ কথা উৎসাহেৰে কয় যে, “আমি জাহ্নৱী কাপুৰক ভিটেৰ’ পৰিয়াললৈ স্বাগতম জনাবলৈ পাই অতিশয় উৎসাহিত হৈছোঁ। জাহ্নৱী কাপুৰৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু ষ্টাইলক লৈ অনন্য দৃষ্টি হৈছে সমসাময়িক আৰু উচ্চ মানদণ্ডৰ টাইলছৰ সৈতে আভ্যন্তৰীণ অংশক পুনৰ সংজ্ঞায়িত কৰাৰ ব্ৰেণ্ডৰ দৃষ্টিভংগীৰ সম্পূৰ্ণ পৰিপূৰক।” দক্ষিণ ভাৰতত ভিটেৰ’ৰ যথেষ্ট প্ৰভাৱ আছে আৰু আহি থকা দিনত উত্তৰ, পশ্চিম আৰু পূব ভাৰতৰ বজাৰত নিজৰ পদচিহ্ন শক্তিশালী কৰাৰ বাবে মৰবিৰ সৈতে যুটীয়া উদ্যোগকে ধৰি প্ৰতিষ্ঠানটোৰ শেহতীয়া সম্প্ৰসাৰণৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে ৰেড্ডীয়ে।

জাহ্নৱী কাপুৰৰ জনপ্ৰিয়তা আৰু অভিনয় প্ৰতিভাই গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যখনতে ভিটেৰ’ টাইলছে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। এই নতুন অংশীদাৰিত্বৰ জৰিয়তে ব্ৰেণ্ডটোৱে গুৱাহাটীৰ আধুনিক গ্ৰাহকসকলৰ সৈতে অনুৰণিত হোৱাৰ লক্ষ্য ৰাখিছে, যাতে অভিনৱ ডিজাইন আৰু উৎকৃষ্ট মানদণ্ডৰ টাইলছ প্ৰদান কৰি সমসাময়িক সোৱাদৰ সৈতে সংৰেখিত কৰিব পৰা যায়। উৎকৃষ্টতাৰ প্ৰতি ভিটেৰ’ৰ প্ৰতিশ্ৰুতিয়ে সমগ্ৰ ভাৰতত খুচুৰা আৰু বি২বি দুয়োটা শাখাতে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিবলৈ সাজু হৈছে।