জম্মুৰ মাটিত শিপাই থকা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ তথা অস্ত্ৰ সৰবৰাহৰ নেটৱৰ্ক উৎখাত কৰিবলৈ নিৰাপত্তাবাহিনীয়ে এতিয়া তীব্ৰতৰ কৰি তুলিছে ‘অপাৰেচন সঞ্জীৱনী’। গান্ধী নগৰ আৰক্ষীয়ে পূৰ্বে পোহৰলৈ অনা এক হাই-প্ৰফাইল নাৰ্কো-টেৰৰ গোচৰৰ তদন্ত চলাই এতিয়া লাভ কৰিছে অন্য এক গুৰুত্বপূৰ্ণ সফলতা। এই অভিযানৰ ধাৰাবাহিকতাত আৰক্ষীয়ে এজন কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।
আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, ২০২৩ চনৰ ১৪ নৱেম্বৰত দুজন ব্যক্তিক কৰায়ত্ত কৰাৰ পাছতে এই বিশাল নাৰ্কো-টেৰৰ মডিউলটোৰ তথ্য ফাদিল হৈছিল। পূৰ্বৰ তদন্তত প্ৰায় ৪.৯৫ কিলোগ্ৰাম হেৰ’ইন সদৃশ সামগ্ৰী, তিনিটা পিষ্টল আৰু এখন বিশেষভাৱে নিৰ্মিত বাহন জব্দ কৰা হৈছিল। এই গোচৰৰ তদন্তৰ বাবে গঠিত বিশেষ তদন্তকাৰী দলে যোৱা ৩ জানুৱাৰীত জম্মুৰ আৰ এছ পুৰাৰ বাসিন্দা ৰোহিত কুমাৰ ওৰফে মাখনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা ৭ জানুৱাৰীত তেওঁৰ বাসগৃহত তালাচী চলোৱা হয়। এই তালাচীত এটা পিষ্টল, এটা মেগাজিন আৰু তিনি জাঁই সজীৱ গুলী উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জব্দকৃত মাৰণাস্ত্ৰসমূহ ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। সীমান্তৰ সিপাৰৰ পৰা এই অস্ত্ৰ আৰু ড্ৰাগছৰ যোগান কেনেদৰে হৈছিল, সেই বিষয়ে জানিবলৈ এতিয়া অভিযুক্তজনক জেৰা চলাই থকা হৈছে।
ইফালে, এই ছিণ্ডিকেটৰ সৈতে জড়িত অন্য সহযোগীসকলক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ড্ৰাগছ সৰবৰাহৰ জৰিয়তে সন্ত্ৰাসবাদলৈ যোগান ধৰা অৰ্থৰ উৎস আৰু ইয়াৰ আৰঁত থকা মূল পৰিকল্পনাকাৰীসকলক কৰায়ত্ত কৰিবলৈ জম্মু আৰক্ষীয়ে বৰ্তমান গুৰুত্ব আৰোপ কৰিছে। যুৱ প্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এনে অপৰাধী চক্ৰসমূহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে আৰক্ষী বদ্ধপৰিকৰ বুলিও জ্যেষ্ঠ বিষয়াসকলে জানিবলৈ দিয়ে।
