জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই সংঘৰ্ষত নিহত হৈছে তিনি সন্ত্ৰাসবাদী ।বহু ঠাইত এতিয়াও নিৰাপত্তাবাহিনীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সোমবাৰে সন্ধিয়া পাকিস্তানী ড্ৰোন দেখাৰ পিছত মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।অভিযানত ভাৰতীয় সেনাৰ গুলীত এজন সন্ত্ৰাসবাদী থিতাতে নিহত হোৱাৰ বিপৰীতে দুঘণ্টীয়া দীঘলীয়া অভিযানৰ অন্তত সেনাৰ গুলীত বাকী দুজন সন্ত্ৰাসবাদীয়ো নিহত হয় বুলি জানিব পৰা গৈছে ।
