জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ

101

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ চাটৰুত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ৷ এতিয়ালৈকে সেনাৰ গুলীত নিহত তিনি পাকিস্তানী সন্ত্ৰাসবাদী ।নিহত তিনিওজন সন্ত্ৰাসবাদী পাকিস্তানী বুলি জানিব পৰা গৈছে । ইয়াৰে দুজন আজি (শনিবাৰ) নিহত হোৱাৰ বিপৰীতে কালি(শুকুৰবাৰ)ৰ এনকাউণ্টাৰত নিহত হয় তৃতীয়জন পাকিস্তানী সন্ত্ৰাসবাদী ।কিষ্টৱাৰৰ চাটৰু অঞ্চলত হোৱা এই মুখামুখি সংঘৰ্ষৰ পাচতে সন্ত্ৰাসবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় । এই অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এম ৪ কাৰবাইন আৰু এটা ৫৬ ৰাইফল ৷