জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। উপত্যকাটোৰ কুলগামত কালিৰে পৰা অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱাৰ পৰা নিৰাপত্তা বাহিনীয়ে পুনৰ কুলগামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত এতিয়ালৈকে ২ জন সন্ত্ৰাসবাদী নিহত হৈছে। স্থানীয় এগৰাকী বিষয়াই সদৰী কৰা মতে, নিহত দুই সন্ত্ৰাসবাদীৰ ভিতৰত এজনক পাকিস্তানৰ নাগৰিক বুলি ধাৰণা কৰা হৈছে।এই অভিযানৰ সময়ত চুবেদাৰ প্ৰভাত গৌৰ আৰু লেন্স নাইক নৰেন্দ্ৰ সিন্ধু নামৰ দুজন জোৱানে প্ৰাণ হেৰুৱায়। সংঘৰ্ষত এজন সেনা মেজৰো আহত হয়। অৱশ্যে বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।
