জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে চলাই থকা অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে। এই অভিযানৰ অংশ হিচাপে আজি নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সাফল্য। কাশ্মীৰ অঞ্চলৰ বুডগাম জিলাত আজি আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনিজন সহায়কক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীৰ এই সাফল্য উপত্যকাটোত সন্ত্ৰাসবাদী নেটৱৰ্কত এক বৃহৎ আঘাত হিচাপে পৰিগণিত হৈছে।মগামৰ কাভুছা নৰবাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সন্ত্ৰাসবাদীৰ এই তিনি সহায়কক। আৰক্ষীয়ে ধৃত এই তিনিগৰাকী সহায়কৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেড আৰু গুলী উদ্ধাৰ কৰা বুলি সদৰী কৰিছে।এই তিনিগৰাকী সন্ত্ৰাসবাদী সহায়কক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে কৰা তদন্তত ধৃত এই তিনিওজন সদস্য লস্কৰ-ই-তৈবাৰ সক্ৰিয় সন্ত্ৰাসবাদী আবিদ কায়ুম ল’নৰ সংস্পৰ্শত আছিল বুলি পোহৰলৈ আহিছে।
