পুনৰ জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হৈছে মুখামুখি সংঘৰ্ষ। উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলিছে এই সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত শ্বহীদ হৈছে এজন জোৱান। উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলিছে এই সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত শ্বহীদ হৈছে এজন জোৱান।এই সংঘৰ্ষত দুয়োফালৰ পৰা শুনা গৈছে বন্দুকৰ গুলীৰ শব্দ। উক্ত স্থান সেনাবাহিনীৰ লগত আছে বহু আৰক্ষী জোৱানো। পহলগাম আক্ৰমণৰ পিছৰে পৰা এলাৰ্ট মোডত কাম কৰিছে ভাৰতীয় সেনাই। বিগত ২৪ ঘন্টাত সেনাৰ এয়া দ্বিতীয়টো এটেক । সেনাৰ সূত্ৰ অনুসৰি উপত্যকাটোত বৰ্তমান ১০০ৰো অধিক সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে।
