জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

118

পুনৰ সংঘতিত হৈছে জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।জানিব পৰা মতে এই সংঘৰ্ষত নিহত হৈছে ৩ জনকৈ সন্ত্ৰাসবাদী।এই তিনি সন্ত্ৰাসবাদীৰ ভিতৰত আছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মুদাশ্বীৰ পণ্ডিত।উন্নেখ্যযে চাপোৰ অঞ্চলত সংঘটিত হোৱা এই সংঘৰ্ষ ফলত অঞ্চলটোত এটিয়াওঁ চেপা উত্তেজনা অব্যহত আছে।অন্যহাতে ঘটনাস্থলীত ভাৰতীয় সেনা উপস্থিত হৈ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে।

জম্মু-কাশ্মীৰৰ সোপোৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষ কমাণ্ডাৰসহ তিনিজন সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে আজি জানিবলৈ দিয়ে। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কৈছিল যে উত্তৰ কাশ্মীৰ জিলাৰ সোপোৰৰ গুণ্ড ব্ৰাথ অঞ্চলত এনকাউণ্টাৰটো সংঘটিত হৈছিল। “এল ই টি ৰ কমাণ্ডাৰ মুদাছিৰৰ হত্যা স্থানীয় জনসাধাৰণৰ বাবে এক ডাঙৰ সকাহ,” তেওঁ কয় যে সন্ত্ৰাসবাদীজন কাউঞ্চিলৰ আৰু অসামৰিক লোকৰ মৃত্যুত জড়িত আছিল।