গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া আগন্তুক “এডভান্টেজ আসাম” শীৰ্ষক আন্তৰ্জাতিক বিনিয়োগ সন্মিলনখন যাতে সফলতাৰে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰখনে সকলো দিশতে তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটী মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই মহানগৰীৰ আৰক্ষী থানা – চকী সমুহৰ চৌহদ পৰিষ্কাৰ – পৰিচন্ন হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সামাজিক দ্বায়বব্ধতা আঁচনিৰ অংশ হিচাপে নাগৰিক কমিটি সমুহৰ সহযোগত আৰক্ষী থানা – চকী এলেকাৰ ৰাজহুৱা স্থান সমূহত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া আগন্তুক “এডভান্টেজ আসাম -২.০” শীৰ্ষক আন্তৰ্জাতিক বিনিয়োগ বিষয়ক সন্মিলনৰ আগে আগে “স্বচ্ছতা হী সেৱা অভিযান”ৰ আধাৰত চাফাইমূলক কাৰ্য আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে।
সেই নিৰ্দেশনাৰ আধাৰত আজি উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ জালুকবাৰীত মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু জালুকবাৰী আৰক্ষী চকীৰ সন্মূখত ৰাষ্ট্ৰীয় ঘাইপথৰ আশে – পাশে জালুকবাৰী আৰক্ষী চকী আৰু জালুকবাৰী নাগৰিক কমিটীৰ যৌথ উদ্যোগত তথা অনা চৰকাৰী সংস্থা প্ৰথম প্ৰয়াসৰ সহযোগত এক যৌথ চাফাই অভিযান চলোৱা হয়।
চাফাই কাৰ্যসূচীত জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষীকেশ বৰ্মনকে ধৰি কেবাজনো বিষয়া – জোৱান , নাগৰিক কমিটীৰ কাৰ্যকৰী সভাপতি ৰমেশ বৰা, সাধাৰণ সম্পাদক চাদিক আহমেদ, কিশোৰ কলিতা, নীলমণি কলিতা, বল্টো বৰা প্ৰমুখ্যে নাগৰিক কমিটি আৰু প্ৰথম প্ৰয়াসৰ কেবাজনো সদস্য উপস্থিত থাকে । জানিব পৰা মতে আগন্তুক দিনত জালুকবাৰী আৰক্ষী চকী এলেকাৰ আন আন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত এই চাফাই অভিযান চলোৱা হব।