হাট – বজাৰ, বাট – পথকে ধৰি ৰাজহুৱা স্থানত সুৰাপান কৰি শান্তি – শৃংখলা ভংগ কৰা, সামাজিক পৰিবেশ দূষিত কৰা সুৰাপায়ীৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ জালুকবাৰী আবকাৰী চক্ৰ। বিশেষকৈ ৰাজহুৱা স্থানত সুৰাপান কৰি সামাজিক পৰিবেশ দূষিত কৰা সুৰাপায়ীৰ বিৰূদ্ধে অভিযান চলাই তেনে লোকৰ পৰা বিভাগীয় নিৰ্দেশনা অনুসৰি জৰিমণা সংগ্ৰহ কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথে নিৰ্দেশ দিয়াৰ পাছতেই জালুকবাৰী আবকাৰী চক্ৰই ৰাজহুৱা অভিযোগৰ ভিত্তিত মালিগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত কামাখ্যা ৰেলৱে ষ্টেচনৰ আশে – পাশে, গোটানগৰ বি জি ৰোড, শকুন্তলা নগৰ, তেতেলিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আদিত আকস্মিক অভিযান চলায়।
জালুকবাৰী আবকাৰী চক্ৰৰ পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত মালিগাওঁ আৰক্ষী চকীৰ সহযোগত আবকাৰী দলটোৱে চলোৱা দুদিনীয়া অভিযানত ৰাজহুৱা স্থানত সুৰাপান কৰা মুঠ ছয়জন লোকক হাতে – লোটে আটক কৰা হয়। ইয়াৰ উপৰিও তেওঁলোকৰ পৰা জৰিমণা হিচাপে ১৫ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ কৰা হয় আৰু অনাগত দিনত যাতে ৰাজহুৱা স্থানত সুৰাপান কৰি সামাজিক পৰিবেশ দূষিত নকৰে তাৰ বাবে সকীয়নী দিয়া হয়।
ইফালে আবকাৰী দলটোৱে ২০ আগষ্টৰ দিনা নিশা কামাখ্যা ৰেলৱে ষ্টেচনত ৰঙিয়া – শিলচৰ অভিমুখী যাত্ৰীবাহী ৰেলখনত কৌশলেৰে গুৱাহাটীলৈ অনা অৱস্থাত ১২০ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আটক কৰা লোকজনৰ বিৰূদ্ধে অসম আবকাৰী আইনৰ ৫৩(১) কৰ অধীনত গোচৰ ৰজু কৰা হয়।
