ভাৰতে ২৪-২৫ আগষ্টলৈ জয়পুৰত বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰীসকলৰ বৈঠকৰ আয়োজন কৰে। এই বৈঠকৰ নেতৃত্ব দিছিল বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে।এই বৈঠকৰ মূল উদ্দেশ্য আছিল বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় জি-২০ মন্ত্ৰীসকলৰ বিবৃতি গ্ৰহণ কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে এই বৈঠকৰ। নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “বাণিজ্য আৰু বিশ্বায়নে কোটি কোটি লোকক চৰম দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে।”
মন্ত্ৰী পীয়ুষ গোৱেলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগৰ প্ৰতিবন্ধকতাসমূহ হ্ৰাস কৰা, উৎপাদনশীলতা বৃদ্ধি কৰা আৰু অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈঠকত মূল ভাষণ প্ৰদান কৰে। এই বিশেষ অধিৱেশনত ‘লেভাৰেজিং টেকন’লজি ফৰ পেপাৰলেছ বিজনেছ’ বিষয়ক অধিবেশন, ‘লজিষ্টিকছ ফৰ ট্ৰেড’ বিষয়ক বিশেষ আলোচনা আৰু ‘বিশ্বব্যাপী বিকাশ আৰু সমৃদ্ধিৰ বাবে বহুপাক্ষিক বাণিজ্য’ সন্দৰ্ভত এক বিস্তৃত আলোচনা অনুষ্ঠিত হয়। ত্ৰৈকা সংস্থাৰ হৈ ইণ্ডোনেছিয়া আৰু ব্ৰাজিলৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিছিল বৈঠকত।
জি-২০ দেশৰ প্ৰতিনিধিসকলে এম্বাৰ দুৰ্গ পৰিভ্ৰমণ কৰে আৰু স্থানীয় শিল্পীসকলৰ সৈতে সাংস্কৃতিক সন্ধিয়াতো অংশগ্ৰহণ কৰে। ইয়াৰ লগতে ‘জয়পুৰ অভিজ্ঞতা’ৰ আয়োজন কৰি ভাৰতীয় চাহ, কফি, মচলা আৰু মিলেটৰ বিষয়ে প্ৰদৰ্শন কৰি বিশেষ অভিজ্ঞতা ক্ষেত্ৰৰ আয়োজন কৰে।
