জাগুয়াৰ লেণ্ড ৰোভাৰে প্ৰস্তুতি চলাইছে এডভান্স ইলেক্ট্ৰিফাইড ফিউচাৰৰ

405

জাগুয়াৰ লেণ্ড ৰভাৰ (Jaguar Land Rover) এ বৈদ্যুতিক আৰু ৰেডিঅ’ হস্তক্ষেপৰ বাবে নেক্সত জেনেৰেচনৰ বাহন টেষ্টিঙৰ বাবে এটা সুবিধা (facility) মুকলি কৰি বৈদ্যুতিকৰণ আৰু সংযোগৰ এক নতুন যুগৰ দিশত ধাৱমান হৈছে। ইউ.কে-ৰ গেডনত বিদ্যুতচুম্বকীয় সামঞ্জস্যতা পৰীক্ষাগাৰে ফিউচাৰ বাহনবোৰৰ সংযোগ আৰু ইলেক্ট্ৰনিকছৰ বাবে বৰ্তমান আৰু ফিউচাৰ লেজিছলেচন (future legislation) আৰু মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰিব।

মে’ মাহত মুকলি কৰা নিউ ৰেঞ্জ ৰোভাৰ স্পোৰ্ট হৈছে আভ্যন্তৰীণ সুবিধাত বেচপোক টেষ্টিং কাৰ্যসূচীৰ প্ৰথম বাহন।ই বিদ্যুতচুম্বকীয় হস্তক্ষেপৰ দৰে অবাঞ্ছিত প্ৰভাৱৰ আশংকা হ্ৰাস কৰিবলৈ অনিচ্ছাকৃত উৎপাদন, বিদ্যুতচুম্বকীয় শক্তিৰ প্ৰসাৰ আৰু ৰিচিপচন (reception) সীমিত কৰি কাম কৰে। ইয়াত দুটা এনিকোইক চেম্বাৰ আছে – এটা বৈদ্যুতিকভাৱে ‘কুইট’ (‘quiet’) ৰোলিং ৰোড, যি অভিযন্তাসকলক দ্ৰুত গতিত বাহন পৰীক্ষা কৰিবলৈ সক্ষম কৰে, লগতে বেটাৰি বা বৈদ্যুতিক মটৰৰ দৰে ব্যক্তিগত উপাদানৰ প্ৰদৰ্শন মূল্যাঙ্কন কৰিবলৈ সহজ কৰে।

 ব্লুটুথ, জিপিএছ, ৱাইফাই, ৪জি, ৫জি, আদপটিভ ক্ৰুজ কনট্ৰল, ৱায়াৰলেচ চাৰ্জিং আৰু ব্লাইণ্ড স্পট মনিটৰিং এই সকলোবোৰ বাহন সেৱা আৰু সুবিধাৰ উদাহৰণ, যাক সুবিধাটোৱে ইএমচিৰ বাবে পৰীক্ষা কৰিব। জাগুয়াৰ লেণ্ড ৰোভাৰৰ ইলেক্ট্ৰমেগনেটিকছ এণ্ড কমপ্লায়েন্সৰ জ্যেষ্ঠ প্ৰবন্ধক পিটাৰ ফিলিপছে কয়, “এই নতুন পৰীক্ষা সুবিধাটো মুকলি কৰাটো ব্যৱসায়ৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ই আমাক মানদণ্ড, আইনী আৰু গ্ৰাহকৰ সন্তুষ্টি প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”