ইণ্ডিয়া য়ামাহা মটৰ (আইৱাইএম) প্ৰাইভেট লিমিটেডে নিজৰ লাইনআপত শেহতীয়া সংযোজন এক মন্ত্ৰমুগ্ধকৰ ক্ৰ’ম ৰঙৰ স্কিমত এফজেড-এক্স মুকলিৰ কথা ঘোষণা কৰিছে। এই ভেৰিয়েণ্ট শুভাৰম্ভ কৰাৰ লগে লগে গতিশীল ছন্দত বিশ্বাসী কম বয়সীয়া আৰু যুৱ প্ৰজন্মৰ গ্ৰাহকৰ বৰ্ধিত ৰুচিৰ সৈতে সংগতি ৰাখি নিজৰ প্ৰডাক্ট ৰেঞ্জ প্ৰাণৱন্ত কৰাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত হৈছে।
ক্ৰ’ম কালাৰে কালজয়ী আড়ম্বৰৰ এক আভা প্ৰদৰ্শন কৰে, যাৰ ফলত ৰাজপথত এফজেড-এক্সৰ জোৰদাৰ উপস্থিতি বৃদ্ধি হৈ পৰে। ১,৩৯,৭০০ টকা (এক্স-শ্ব’ৰুম, দিল্লী)মূল্যৰ এই মডেলে ষ্টাইল আৰু পৰিৱেশনৰ এক সুসংগত সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে য়ামাহাই ক্ৰ’মত এফজেড-এক্সৰ প্ৰথমে অনলাইন বুকিং কৰা ১০০গৰাকী গ্ৰাহকক কেচিঅ’ জি-শ্বক ঘড়ী প্ৰদান কৰি মধুময় ক্ষণৰ সৃষ্টি কৰিব।য়ামাহাই মুকলি কৰা নতুন এফজেড-এক্স ক্ৰ’ম ৰঙৰ ভেৰিয়েণ্টৰ লগতে আজিৰে পৰা মেটালিক ব্লেক ৰঙৰ ভেৰিয়েণ্টটো ১,৩৬,২০০ টকাত উপলব্ধ হ’ব (এক্স-শ্ব’ৰুম, দিল্লী)।
নিজৰ হলমাৰ্ক বৈশিষ্ট্যসমূহ ধৰি ৰাখি এফজেড-এক্সে এক শক্তিশালী ১৪৯-চিচি ইঞ্জিন যোগান ধৰিছে, যিয়ে ১২.৪ পিএছ পিক পাৱাৰ @ ৭,২৫০ আৰপিএম আৰু ১৩.৩ এনএম পিক টৰ্ক @৫৫০০ আৰপিএম উৎপন্ন কৰে। সন্মুখত ট্ৰেকচন কণ্ট্ৰল চিষ্টেম (টিচিএছ) আৰু চিংগল-চেনেল এবিএছ অন্তৰ্ভুক্ত কৰি সুৰক্ষা সৰ্বোচ্চ কৰি তোলা হৈছে, আনহাতে, পৰিপূৰক পিছফালৰ ডিস্ক ব্ৰেকৰ ব্যৱস্থাও আছে বাইকখনত। এই বাইকখনত অন্যান্য উন্নীতকৰণৰ লগতে মাল্টি-ফাংচন এলচিডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এলইডি হেডলাইট, পিছফালৰ মাডগাৰ্ড, লৱাৰ ইঞ্জিন গাৰ্ড আৰু ব্লুটুথ সক্ষম ৱাই-কানেক্ট এপৰ সুবিধাও আছে।