ভাৰতৰ বিকাশৰ সম্ভাৱনাক আগুৱাই নিবলৈ আইটিআই এএমচিয়ে মুকলি কৰিছে নতুন লাৰ্জ এণ্ড মিড কেপ ফাণ্ড

143

ভাৰতৰ অৰ্থনৈতিক সম্প্ৰসাৰণক মূলধন কৰি তোলাৰ লক্ষ্যৰে আইটিআই এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে(আইটিআই এএমচি) আইটিআই লাৰ্জ এণ্ড মিড কেপ ফাণ্ড মুকলি কৰিছে। আজি চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা এই পুঁজি অহা ৪ ছেপ্টেম্বৰত সমাপ্ত হ’ব। এই ফাণ্ডে মূলতঃ ভাৰতৰ সমৃদ্ধিৰ কাহিনীক আগুৱাই নিয়া শীৰ্ষ ২৫০টা প্ৰতিষ্ঠানৰ ইকুইটি আৰু ইকুইটি সম্পৰ্কীয় ছিকিউৰিটিজত বিনিয়োগ কৰিব। অভিজ্ঞ ইকুইটি ফাণ্ড মেনেজাৰ বিশাল জাজু আৰু ৰোহন কোৰ্ডে পৰিচালিত কৰিব এই পুঁজি, দুয়োজনৰে আইটিআই মিউচুৱেল ফাণ্ডৰ সৈতে ১৩ বছৰৰো অধিক সময়ৰ অভিজ্ঞতা আছে, এই আঁচনিখনে দীৰ্ঘম্যাদী মূলধন যোগানৰ লক্ষ্য ৰাখিছে। এই পুঁজিয়ে নগৰীকৰণ, বৰ্ধিত উপাৰ্জনৰ স্তৰ আৰু বৰ্ধিত বিবেচনামূলক ব্যয়ৰ পৰা লাভান্বিত হোৱা প্ৰতিষ্ঠানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

বিশাল জাজুৰ ভাষ্য অনুসৰি, “ভাৰত হৈছে বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনৈতিক শক্তিসমূহৰ ভিতৰত অন্যতম। আমাৰ শেহতীয়া পদ্ধতিত শক্তিশালী অগ্ৰগতি-প্ৰদৰ্শন আৰু ভৱিষ্যতৰ দিনবোৰত উপাৰ্জনৰ সম্ভাৱনা থকা প্ৰতিষ্ঠানসমূহৰ শীৰ্ষতম প্ৰতিষ্ঠানসমূহ বাচনি কৰা হয়। আমি বিশ্বাস কৰোঁ যে, আহি থকা দিনত কিছুমান বিশেষ খণ্ডত ৰিটাৰ্ণ ৰেচিঅ’ত যথেষ্ট উন্নতি দেখা যাব।” পুঁজিৰ বাবে নূন্যতম বিনিয়োগৰ পৰিমাণ হৈছে ৫,০০০ টকা, ইয়াত ৫০০ টকাৰ প্ৰাৰম্ভিক মূল্যত চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনৰ বিকল্পও ৰখা হৈছে। ইয়াত কোনো এণ্ট্ৰি লোড নাথাকে যদিও ৩ মাহৰ ভিতৰত ইউনিট ৰিডিম কৰিলে এক্সিট লোড হ’ব ০.৫%।

গুৱাহাটীৰ লগতে অসমতো পুঁজিৰ মুকলিৰ লগে লগে স্থানীয় বিনিয়োগকাৰীসকলৰ বাবে নিজৰ পৰ্টফলিঅ’ত বৈচিত্ৰ্যতা অনাৰ এক কৌশলগত সুযোগ আনি দিছে। চহৰখনৰ বৰ্ধিত অৰ্থনীতি আৰু ক্ৰমবৰ্ধমান বিত্তীয় সজাগতাই ইকুইটি বিনিয়োগৰ প্ৰতি শক্তিশালী আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয় বিকাশৰ গতিপথৰ সৈতে সংগতি ৰাখি আঞ্চলিক বজাৰৰ বৰ্ধিত প্ৰৱণতাক প্ৰতিফলিত কৰিছে।