আইটেলে এ৭০ মুকলি কৰিছে

648

নিউ ইণ্ডিয়াৰ শীৰ্ষস্থানীয় ১০ হাজাৰ টকাৰ তলৰ স্মাৰ্টফোন ব্ৰেণ্ড আইটেলে মুকলি কৰিছে আইটেল এ৭০, য’ত আছে আকৰ্ষণীয় ২৫৬জিবি ষ্টৰেজ আৰু ১২জিবি ৰেম, এই সকলো সুবিধাযুক্ত স্মাৰ্টফোনটো উপলব্ধ হ’ব অবিশ্বাস্যভাৱে ৭,২৯৯ টকাত।  এই মোবাইলৰ শুভাৰম্ভণি হৈছে এ-চিৰিজ লাইন আপ(সূচী)ক উন্নত কৰাৰ এক কৌশলগত পদক্ষেপ, যিয়ে গ্ৰাহকসকলক যথেষ্ট ষ্টৰেজ বিচৰা গ্ৰাহকসকলকৰ বাবে সমাধানৰ বিশেষ সোপান। আইটেল এ৭০ ফোনটোৱে ডায়নেমিক বাৰ প্ৰযুক্তিৰ সৈতে ৬.৬ ইঞ্চিৰ এক বিশাল এইচডি+ ডিচপ্লে প্ৰদান কৰে, যি এক সৰলীকৃত আৰু নিৰৱচ্ছিন্ন ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ(ছিমলেছ ইউজাৰ ইণ্টাৰফেচ) প্ৰদান কৰে। এই স্মাৰ্টফোনটো আন দুটা ভেৰিয়েণ্টত উপলব্ধ: ১২ জিবি ৰেমৰ সৈতে ১২৮ জিবি ষ্টৰেজ আৰু ১২ জিবি ৰেমৰ সৈতে ৬৪ জিবি ষ্টৰেজ। এই শুভাৰম্ভণিয়ে আইটেল এ৭০ক ট্ৰেলব্লেজাৰ হিচাপে স্থান দিছে, যিয়ে নতুন উদ্যোগৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে।

এই বিষয়ে আইটেল ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অৰিজিৎ তালাপাত্ৰই কয় যে, “আইটেল এ৭০ স্মাৰ্টফোনটো আমাৰ আগন্তুক দৃষ্টিভংগীৰ প্ৰমাণ হিচাপে থিয় দিছে, ইণ্ডাষ্ট্ৰী-লিডিং(উদ্যোগৰ শীৰ্ষস্থান)ৰ ষ্টোৰেজ আৰু ৰেম, লগতে ডায়নেমিক বাৰ প্ৰযুক্তিৰ সৈতে ৬.৬ ইঞ্চিৰ মনোমোহা ডিচপ্লে প্ৰদান কৰে। আমি আকৌ এবাৰ এণ্ট্ৰি লেভেল স্মাৰ্টফোন খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিবলৈ উৎসাহিত হৈছো।” আইটেল এ৭০ত এক শক্তিশালী ৫০০০ এমএএইছ বেটাৰী আছে, যিয়ে টাইপ-চি চাৰ্জিঙৰ দ্বাৰা সমৰ্থিত এক নিৰৱচ্ছিন্ন আৰু দীৰ্ঘম্যাদী অভিজ্ঞতা সুনিশ্চিত কৰে। ইয়াৰ আকৰ্ষণীয় বৈশিষ্ট্যবোৰৰ সমান্তৰালভাৱে এ৭০-এ এক ইণ্টাৰেক্টিভ ডাইনেমিক বাৰ আগবঢ়াইছে, যি ফোন কল, চাৰ্জিং চেচন আৰু ফেচ আনলকৰ সময়তো বুদ্ধিমত্তাসম্পন্ন নটিফিকেচন(জাননী) প্ৰদান কৰে।

স্মাৰ্টফোনটোৰ আকৰ্ষণীয় বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ১৩এমপি এইচডিআৰ ৰিয়েৰ কেমেৰা, ৮এমপি এআই চেলফি কেমেৰা, ফেচ আনলক আৰু চাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট স্কেনাৰৰ সৈতে ডুৱেল ছিকিউৰিটী ইত্যাদি। ৫ জানুৱাৰীৰ পৰা দেশৰ আগশাৰীৰ অনলাইন আৰু অফলাইন ষ্ট’ৰত ৭,২৯৯ টকাৰ চমত্কাৰ মূল্যত চাৰিটা আকৰ্ষণীয় ৰং- ফিল্ড গ্ৰীণ, এজুৰ ব্লু, ব্রিলিয়েণ্ট গোল্ড, আৰু ষ্টাৰলিছ ব্লেকত উপলব্ধ হ’ব।