ভাৰতৰ স্মাৰ্টফোনৰ জনপ্ৰিয় ব্ৰেণ্ড আইটেলে আগবঢ়াইছে শেহতীয়া প্ৰডাক্ট আইটেল এ০৫এছ

727

ভাৰতৰ আগশাৰীৰ স্মাৰ্টফোন ব্ৰেণ্ড আইটেলে নিজৰ শেহতীয়া স্মাৰ্টফোন আইটেল এ০৫ছ মুকলি কৰিছে, যাৰ মূল্য হৈছে ৬,০৯৯ টকা, য’ত আছে ৬.৬ ইঞ্চিৰ বৃহৎ এইচডি+ ড্ৰপ ডিচপ্লে, ৪০০০ এমএএইচ বেটাৰী আৰু ৮ মেগাপিক্সেল এআই কেমেৰা। শ্লীম বডীৰ ৪টা সুন্দৰ ৰঙৰ বিকল্পত এ০৫ উপলব্ধ- ক্ৰিষ্টাল ব্লু, গ্ল’ৰিয়েল অৰেঞ্জ, মিডো গ্ৰীণ আৰু নেবুলা ব্লেক।

১.৬ গিগাহাৰ্জ প্ৰচেছৰ আৰু ৪ জিবি ৰেমৰ দ্বাৰা চালিত এ০৫এছে কলিং, ৱেব ব্ৰাউজিং, ভিডিঅ’ দৰ্শন, কেজুৱেল গেমিং আৰু বহুতো দৈনন্দিন কামৰ বাবে মসৃণ পৰিৱেশন প্ৰদান কৰে। এ০৫এছ স্মাৰ্টফোনটোত ৪০০০ এমএএইচ বেটাৰী আৰু ৬৪জিবি ৰম আছে, য’ত ১৬০০ x৭২০ পিক্সেল ৰিজল্যুচনৰ সৈতে ৬.৬ ইঞ্চিৰ এইচডি+ ৱাটাৰ ড্ৰপ নটচ ডিছপ্লে আছে।

ইয়াত ৮ মেগাপিক্সেল ৰিয়েৰ কেমেৰা আৰু এআই বিউটিফিকেচন মোডৰ সৈতে ৫ মেগাপিক্সেল চেলফি কেমেৰা আছে। অন্যান্য সুবিধাবোৰৰ ভিতৰত আছে পিছফালৰ ফিংগাৰপ্ৰিণ্ট চেন্সৰ, ফেচ আনলক, সমৰ্পিত মাইক্ৰ’ এছডি কাৰ্ড আৰু ডুৱেল ৪জি ভল্ট ছাপৰ্ট ইত্যাদি। এই শুভাৰম্ভণিৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি আইটেল ইণ্ডিয়াৰ চিইঅ’ অৰিজিত তালাপাত্ৰই কয় যে, “শ্ৰেণীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ডিছপ্লে, বেটাৰী, কেমেৰা আৰু ৪টা আকৰ্ষণীয় ৰঙৰ ট্ৰেণ্ডী ডিজাইনেৰে ভৰপূৰ এ০৫এছ এক সুলভ, লগতে ফিচাৰ-লোডেড ডিভাইচৰ সন্ধান কৰা গ্ৰাহকসকলৰ মনত বিশেষভাৱে প্ৰভাৱ পেলাব।”