অসমৰ অন্যতম দ্ৰুতগতিত বজাৰ দখল কৰিবলৈ সক্ষম হোৱা মছলা ব্ৰেণ্ড আইটিচিৰ চানৰাইজ পিউৰ স্পাইচে উদ্যোগী মহিলাৰ মাজৰ সম্ভাৱনা আৰু দক্ষতাসমূহ পোহৰলৈ আনি প্ৰচাৰৰ বাবে এখন মঞ্চ প্ৰদান কৰি ‘চানৰাইজ অগ্ৰগামিনী’ৰ বহু প্ৰত্যাশিত গ্ৰেণ্ড ফিনালে মুকলি কৰিবলৈ সাজু হৈছে। নাৰী দিৱসৰ দিনাই সম্প্ৰচাৰিত হ’ব লগা অনুষ্ঠানত দৰ্শকে উদ্যোগীকৰণৰ সপোন দেখি ফুৰা আৰু স্বপ্নৰ ডেউকা বিচাৰি আৰম্ভ কৰা এজাক মহিলাৰ অনন্য যাত্ৰা অনুভৱ কৰিব পাৰিব।
অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত ৫০ৰো অধিক ষ্টাৰ্ট আপৰ মাজৰ পৰা অনন্য ষ্টাৰ্টআপ ধাৰণা থকা বা ব্যতিক্ৰমী চিন্তাৰে আগবঢ়া ১৫গৰাকী ব্যতিক্ৰমী মহিলাক চানৰাইজ অগ্ৰগামিনী গ্ৰেণ্ড ফিনালেৰ বাবে বাছনি কৰা হৈছে। প্ৰতিদিন নিউজ চেনেলে ৩টা খণ্ডৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে য’ত পাঁচগৰাকী অনুপ্ৰেৰণাদায়ক মহিলাৰ মাজত উদ্যোগী দক্ষতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰে। প্ৰতিটো খণ্ডতে ১ লাখ টকালৈকে নগদ ধনৰ পুৰস্কাৰ জিনাৰ সুযোগ লাভ কৰিব, এই অনুষ্ঠানৰ আৰম্ভণি ৮ মাৰ্চৰ পৰা শুভাৰম্ভ হ’ব।
পাঁচজনীয়া বিচাৰকৰ পেনেলে অগ্ৰণী মহিলাসকলৰ আকাংক্ষা আৰু সম্ভাৱনা মূল্যায়ন কৰিব, এই বিচাৰকৰ আসন শুৱনি কৰিব ঋষি বৰুৱা -এমডি, প্ৰতিদিন মিডিয়া নেটৱৰ্ক, সুবীৰ ঘোষ – এমডি, অন্নপূৰ্ণা গ্ৰুপ, আত্ৰেয়ী বৰুৱা- প্ৰতিষ্ঠাপক, ৱেব.কম (ইণ্ডিয়া), মৈত্ৰেয়ী ওজা – মাষ্টাৰ বেকাৰ পেটিচেৰী অপেৰাকেফে’ছ আৰু পেটিচেৰী অপেৰা কেফে’ছৰ প্ৰতিষ্ঠাপক আৰু ফেশ্বন ডিজাইনাৰ আৰু পেজ ৩ বুটিকৰ প্ৰতিষ্ঠাপক নন্দিনী বৰকাকতিৰ দৰে অভিজ্ঞ ব্যক্তিয়ে। মহিলাৰ দৃঢ়তা আৰু প্ৰতিভাৰ এক ৰোমাঞ্চকৰ প্ৰদৰ্শনৰ বাবে সাজু হওক,শ্ৰেষ্ঠ ৩গৰাকী মহিলাই জিনিব চানৰাইজ অগ্ৰগামিনী প্ৰতিযোগিতাৰ বিজয়ীৰ মুকুট।
