ছানফিষ্ট ফাৰ্মলাইট ডাইজেষ্টিভ বিস্কুটৰ সৈতে এতিয়া ১০০% কাগজৰ পেকেজিং

857

আইটিচি ফুডছৰ স্বাস্থ্যকৰ-সুস্বাদু বিস্কুটৰ ৰেঞ্জ আইটিচি ছানফিষ্ট ফাৰ্মলাইটে নিজৰ ডাইজেষ্টিভ বিস্কুট ফেমিলী পেকৰ বাবে প্ৰথম ১০০% বাহিৰৰ কাগজৰ বেগ(আউটাৰ পেপাৰ বেগ) পেকেজিং মুকলি কৰিছে। এই উদ্ভাৱন প্লাষ্টিক হ্ৰাস কৰা আৰু বহনক্ষম গ্ৰাহকৰ পছন্দক উৎসাহিত কৰাৰ বাবে ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। এই বেগসমূহ প্লাষ্টিক হ্ৰাস কৰাৰ লগতে দৈনন্দিন ক্ৰয়ত বহনক্ষম পছন্দক উৎসাহিত কৰাৰ বাবে ব্ৰেণ্ডৰ প্ৰচেষ্টাৰ সৈতে মিল থকাকৈ পেকেজিং উপভোক্তা-অনুকূল, দৃশ্যগতভাৱে আকৰ্ষণীয়-দৃষ্টিনন্দন আৰু সুবিধাজনকভাৱে ডিজাইন কৰা হৈছে।

ছানফিষ্ট ফাৰ্মলাইটে গ্ৰাহকৰ ক্ৰয়ৰ সিদ্ধান্তত পৰিৱেশৰ প্ৰতি দায়বদ্ধ ব্ৰেণ্ডৰ বাবে বৰ্ধিত অগ্ৰাধিকাৰক সদায়ে স্বীকাৰ কৰি আহিছে।এই বিষয়ে আইটিচি ফুডছ ডিভিজনৰ বিস্কুট এণ্ড কেক ক্লাষ্টাৰৰ মুখ্য পৰিচালনা বিষয়া আলী হেৰিছ শ্বেৰেই কয় যে, প্ৰথমবাৰৰ বাবে ১০০% কাগজৰ পৰা তৈয়াৰী আউটাৰ বেগ(বাহ্যিক বেগ) মুকলি কৰাটো বহনক্ষম পেকেজিঙৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই পদক্ষেপ আইটিচিৰ বহনক্ষমতা ২.০ দৃষ্টিভংগীৰ সৈতে মিল আছে, যাৰ উদ্দেশ্য হৈছে বহনক্ষমতাৰ ক্ষেত্ৰত কোম্পানীটোৰ বহু-মাত্ৰিক প্ৰচেষ্টাক শক্তিশালী কৰা, যাৰ ভিতৰত আছে উপভোক্তা-পৰৱৰ্তী(পোষ্ট-কাষ্টমাৰ) পেকেজিং আৱৰ্জনাৰ বাবে এক কাৰ্যকৰী বৃত্তাকাৰ অৰ্থনীতি সৃষ্টি কৰা। ছানফিষ্ট ফাৰ্মলাইট ডাইজেষ্টিভ ফেমিলী পেক ফ্লিপকাৰ্টত ৮০০ গ্ৰাম এছকেইউৰ সৈতে উপলব্ধ হ’ব আৰু অচিৰে অন্যান্য ই-কমাৰ্চ প্লেটফৰ্ম আৰু চুপাৰ মাৰ্কেটসমূহতো গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।